♦ দুবছৰেও সম্পূৰ্ণ নহ’ল বটদ্ৰৱা সমষ্টিৰ বহু পথ ♦

নগাঁওঃ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আধাৰশিলা ৰাজনীতিৰে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই চমক সৃষ্টি কৰাৰ প্ৰয়াস কৰিলেও বিধায়িকা গৰাকীৰ চমক সৃষ্টিৰ প্ৰয়াসে সমষ্টিত প্ৰতিক্ৰিয়াৰহে সৃষ্টি কৰিছে।

কিয়নো ২০১৬ চনত অভিনয় জগত এৰি ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰি বিধায়িকা হোৱা আঙুৰলতাই ২০১৬-১৭ বৰ্ষত সমষ্টিটোৰ বাটপথ উন্নয়ণৰ বাবে মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত তিনিদিনত ৪৩ টাকৈ  পথৰ আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰিছিল যদিও প্ৰায়বোৰ পথৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰিলে।

ফলত সমষ্টিটোত চমক সৃষ্টিকাৰী বিধায়িকা হিচাপে চৰ্চিত হোৱা আঙুৰলতা ডেকাই স্থাপন কৰা শেহতীয়া আধাৰশিলাক লৈও ৰাইজ সন্তুষ্ট হ’ব পৰা নাই ।আজিৰপৰা কেইদিনমান পূৰ্বে গড়কাপ্তানী বিভাগৰ পুঁজিৰে বিধায়িকা গৰাকীয়ে ২০ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰিছিল। সমষ্টিটোত ৭০ কিল’মিটাৰতকৈ অধিক পথ স্কুটী চলাই বিধায়িকাগৰাকীয়ে পথসমূহৰ আধাৰশিলা স্থাপন কৰি আন এক চমক সৃষ্টি কৰিছিল। 

আমাৰ হাতত থকা তথ্য মতে ২০১৬-১৭ বৰ্ষত বট্টদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত নজিৰবিহীন ৰূপে ৪০ টাতকৈও অধিক পথৰ আধাৰশিলা স্থাপন কৰিছিল। কিন্তু ইয়াৰে অধিকাংশ পথৰে নিৰ্মাণ কাৰ্য আজি দুবছৰৰ পাছতো অসম্পূৰ্ণ হৈ থকাৰ লগতে কিছুমান পথৰ নিৰ্মাণ কাৰ্যই সম্পূৰ্ণ নহ’ল। 

সমষ্টিটোৰ দলংঘাট উন্নয়ণ খণ্ডৰ অন্তৰ্গত কুঁজীডাহ-জামগুৰি গাঁও পঞ্চায়তৰ জাজৰি গড়কাপ্তানি পথৰপৰা হাতীচোং মহাবিদ্যালয়লৈ ৫০০ মিটাৰ পথ চি চি ব্লক বহোৱাৰ নামত ২৩.৬৪ লাখ টকা আবন্টন দি ২০১৬ চনৰ ৯ ডিচেম্বৰত বিধায়িকা গৰাকীয়ে আধাৰশিলা স্থাপন কৰিছিল যদিও ১০০ মিটাৰ পথটোতহে চি চি ব্লক বহোৱা হয়। বাকী ৪০০ মিটাৰ পথত চি চি ব্লক বহোৱা নহল। একেটা পঞ্চায়তৰে জামুগুৰি বিশ্ব বেংকৰ পুঁজিৰ দ্বাৰা দ্বাৰা নিৰ্মিত পথৰপৰা কুৰুৱাবাহী-মৰিগাঁও পথলৈ ৩০০ মিটাৰৰ বাবে ১৩ লাখ টকা আবন্টন দি একেদিনাই আধাৰশিলা স্থাপন কৰিছিল যদিও চি চি ব্লকটো বাদেই পথটোত এচোৰাও মাটি নপৰিল।

ইপিনে সমষ্টিটোৰ নিজ হাতীচোং গাঁও পঞ্চায়তৰ পৰা এম ভি স্কুললৈ ১২০ মিটাৰ পথৰ বাবে ২০১৬-১৭ বৰ্ষত ৬ লাখ টকা আবন্টন দি  ২০১৬ চনৰ ১১ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰিছিল।কিন্তু পথটোৰ নিৰ্মাণ কাৰ্য নহল।একেদৰে ক্ষেত্ৰী গাঁও তিনি আলিৰপৰা গৰীয়া পুখুৰীলৈ ৫০০ মিটাৰ পথৰ বাবে ২০১৬-১৭ বৰ্ষত এম জি এনৰেগা আঁচনিৰ অধীনত ১৭.৩৪ লাখ টকা আবন্টন দি ২০১৬ বৰ্ষতে ১১ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰিছিল যদিও পথটোৰ নিৰ্মাণ সম্পূৰ্ণ নহল।এনেদৰে বিধায়িকা গৰাকীয়ে আধাৰশিলাৰ ৰাজনীতিহে কৰিলে যদিও পথসমূহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহল। 

বট্টদ্ৰৱা বিধান সভা সমষ্টিৰে হালধিআটি গাঁও আৰু বৰহুলুংগাঁও সংযোগী এখন কাঠৰ দলং বিগত বহু বছৰ ধৰি জৰাজীৰ্ণ হৈ আছে।সোণাই নৈৰ ওপৰত থকা পাঘালী গাঁও পঞ্চায়তৰ এই দলং খনৰ কাঠৰ ৰেলিঙৰ লগতে তলৰ কাঠো এৰি যোৱাত গঞাই বাঁহৰে ৰেলিং দি লোৱাৰ লগতে তলৰ অংশটো বাঁহৰে মেৰামতিৰে চাং দি মেৰামতি কৰি লৈছে।

উল্লেখ্য,যোৱা এটা মাহৰ ভিতৰত বট্টদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই ৪০ টাৰো অধিক আধাৰশিলা স্থাপন কৰি চমক দিছিল। কিন্তু পূৰ্বৰ উদাহৰণে উন্মোচিত কৰামতে বিধায়িকা গৰাকীয়ে ৰাইজক আকৰ্ষিত কৰিবলৈ স্থাপন কৰা আধাৰশিলা সমূহ বছৰ বছৰ ধৰি আধাৰশিলাই হৈ থাকে। কাৰ্যত পৰিণত নহয়। তদুপৰি বটাদ্ৰৱা সমষ্টিৰ বহু পথ দলঙৰ দুৰাৱস্থাই সমষ্টিটোৰ ৰাইজক ক্ষোভিত কৰি তুলিছে।