01
Oct
2018

newsnextone.com| নগাঁওঃ নগাঁৱৰ বিশিষ্ট চিকিৎসক ডা: জিতেন গোঁহাইৰ দেহাৱসান৷ মৃত্যুৰ সময়ত জনপ্ৰিয় চিকিৎসক গৰাকীৰ বয়স হৈছিল ৮৬ বছৰ৷ গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰে চিকিৎসক গৰাকীয়ে৷ নগাঁও ক্ৰীড়া সন্থা, অসম কেৰম সন্থাৰ আজীৱন সদস্য আছিল চিকিৎসক গৰাকী৷ ৰে’লৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ জেষ্ঠ্য ভাতৃ প্ৰয়াত জিতেন গোঁহাই৷ জনপ্ৰিয় চিকিৎসকগৰাকীৰ বিয়োগত সমগ্ৰ নগাঁৱতে গভীৰ শোকৰ ছাঁ পৰিছে৷