জয়ন্ত মুদৈ, নগাঁও

নগাঁওঃ পবিত্ৰ ৰমজানৰ অন্তিম সূৰ্যাস্তৰ সামৰণি পৰাৰ অন্তত পৰম্পৰা অনুসৰি প্ৰতি বছৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে বেছ উলহ-মালহেৰে উদযাপন কৰি আহিছে পৱিত্ৰ ঈদ-উল-ফিতৰ৷ ৰাজ্যৰ আন আন ঠাইৰ দৰে নগাঁও জিলাটো এই উৎসৱক কেন্দ্ৰ কৰি চলিছে ব্যাপক প্ৰস্তুতি৷ পৰম্পৰা অনুসৰি ঈদৰ দিনা উক্ত অঞ্চলবোৰত থকা ঈদগাহ ময়দানবোৰতো ধৰ্মীয় আচাৰ-নীতিৰে পৱিত্ৰ ঈদ-উল-ফিতৰৰ দুই ৰাকাত ওয়াদেব নামাজ আদায় কৰিব৷ 

বছৰটোৰ এঘাৰটা মাহ সম্পূৰ্ণ বৈধ ভোগৰ স্বাধীনতা উপভোগ কৰাৰ পিছতে যোৱা ৭ মে’ৰপৰা ধৰ্মীয় ৰীতি মৰ্মে সম্পূৰ্ণ এমাহ কাল ৰোজা পালন কৰা হয়৷ গতিকে এনেদৰে সম্পূৰ্ণ এমাহ কঠোৰ ধৰ্মীয় নীতি-নিয়মেৰে ৰোজাৰ ব্ৰত ৰখাৰ অন্তত ৰং-ৰহইচ তথা আনন্দ-স্ফুৰ্তিয়ে উদযাপন কৰিবলৈ ওলোৱা ঈদ-উল-ফিতৰৰ প্ৰাকক্ষণত ঈদগাহ পৰিচালনা কমিটিবোৰে মছজিদ আৰু ঈদগাহসমূহ আটকধুনীয়াকৈ সু-সৰ্জ্জিত কৰি তোলাৰ উপৰি ঠায়ে ঠায়ে তোৰণ আদি স্থাপনেৰে ঈদ-উল-ফিতৰৰ শুভেচ্ছা জনোৱাৰ বিপৰীতে চৌপাশে এক উৎসৱমুখৰ মনোমোহা পৰিবেশৰ সৃষ্টি কৰিছে৷ 

নগাঁও চহৰকে প্ৰমুখ্য কৰি জিলাখনৰ জাজৰি, পাঘালী, গৰৈমাৰী, কদমনি, টকৌবাৰী, দক্ষিণপাট, বৰভেটি, চলচলি, সোণাইঘাট, আলিটাঙনি, ভকতগাঁও, টুকটুকী, বৰিবজাৰ, ধিং, ধূপগুৰি, জুৰিয়া, ৰূপহীহাট, চামগুৰি, পুৰণিগুডাম, কচুৱা আদি গ্ৰামাঞ্চলত থকা ঈদগাহ ময়দানবোৰত ঈদৰ দিনা পুৱা ৮-৩০ বজাৰপৰা ১০-৩০ বজাৰ ভিতৰত পবিত্ৰ ঈদ-উল-ফিতৰৰ ওয়াজেব নামাজ আদায় কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে পৰিচালনা কমিটিবোৰে৷ 

উল্লেখ্য যে, ঈদ-উল-ফিতৰৰ দিনটোক আনন্দ-উৎসাহৰ দিন বুলি মুছলমান সমাজত অতীজৰে পৰা গণ্য কৰি অহা হৈছে যদিও বৰ্তমানৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ গগণচুম্বী দাম বৃদ্ধিৰ হেতু এচাম দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ মাজত ঈদৰ আনন্দ-উছাহ তথা ৰং-তামাছা বহুখিনি হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৷