newsnextone.com | নগাঁওঃ ত্যাগ, ভাতৃত্ববোধ আৰু ঐক্য-সংহতিৰ চানেকী বহন কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উল-ফিতৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁৱতো শনিবাৰে ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে উদযাপন কৰা হয়৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ গগণচুম্বী দাম বৃদ্ধিয়ে লক্ষণীয়ভাৱে আৰ্থিক দিশত যথেষ্ট পৰিমাণে মাধমাৰ শোধালেও ঈদ উপলক্ষে ধনী-দুখীয়া সকলোৱে পুৱাৰে পৰা অতিকে ব্যস্ত হৈ পৰাত সৰ্বতে উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হোৱা দেখা গ’ল৷ নগাঁও চহৰৰ লগতে জিলাখনৰ জুৰীয়া, ৰূপহীহাট, ধিং, কদমনি, ধূপগুৰি, ডুমডুমীয়া, জাজৰি, পাঘালী, নিচানতল, টুকটুকী, বৰিবজাৰ, হাতীযুঁজোৱা, আলিটাঙুনী, ভকতগাঁও, বৰভেটী, গৰৈমাৰী, শিমলুগুৰি, ৰৌমাৰী, টকৌবাৰী, বাতমাৰী, কাতিমাৰী, সোণাইঘাট, শিলঙনি, শিঙাৰী, চলচলি, হেৰাপটি, বালিকটীয়া, পানীখাইতি, ৰাঙলু, বেঙেনাআটি, চামগুৰি, পুৰণিগুডাম, কচুৱা আদি মুছলমান বসতিপূৰ্ণ এলেকাবোৰৰ ঈদগাহ, সানকাহ আৰু মছজিদত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পুৱাৰ ভাগত পবিত্ৰ ঈদ-উল-ফিতৰৰ ওৱাজিব নামাজ আদায় কৰে৷

পবিত্ৰ দিনটোৱে এক শান্তিৰ বাতাৱৰণ কঢ়িয়াই অনাৰ পৰম আশাৰে আল্লাৰ ওচৰত দোৱা কৰে৷ উল্লেখ্য যে, সম্পূৰ্ণ এমাহ কঠোৰ ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে ৰমজানৰ ৰোজাৰ ব্ৰত ৰখাৰ অন্তত গোটেই দিনজুৰি বেছ জাকজমককৈ আয়োজিত ঈদৰ নানা কাৰ্যসূচীত উচ্চ-নীচ ভেদাভেদ পাহৰি সকলোৱে অংশগ্ৰহণ কৰি ঈদৰ অনাবিল আনন্দ-উছাহত মতলীয়া হৈ পৰি একপ্ৰকাৰে নগঞা ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঐক্য-সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হয়৷