♦ চৰকাৰী বিষয়াৰ নিৰ্দেশক তদাৰক সমিতিৰ অবমাননা

নগাঁওঃ যি সময়ত অসম চৰকাৰে গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিৰ অধীনত গ্ৰামাঞ্চলৰ প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ লোকৰ ঘৰত বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ দিয়াৰ কথা ঘোষণা কৰিছে সেই সময়তে গ্ৰামাঞ্চলত এতিয়াও বিদ্যুৎ সেৱা লাভৰ ক্ষেত্ৰত ৰাইজে হাহাকাৰ কৰিবলগীয়াত পৰিছে৷
আনকি বিদ্যুৎ সংযোগ দিবৰ বাবে চৰকাৰী বিষয়াই নিৰ্দেশনা দিয়াৰ পাছতো এচাম দালাল প্ৰকৃতিৰ লোকে বিদ্যুৎ বিভাগৰ বিষয়াৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই ওলোটাই গ্ৰাহকৰপৰা মোটা অংকৰ ধন উপঢৌকন বিচৰাৰ দৰে ঘটনাও সংঘটিত হৈছে।
ইয়াৰ অন্যতম উদাহৰণ হিচাপে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ভোমোৰাগুৰিৰ কথাকে ক’ব পাৰি৷ এই অঞ্চলটোত সংঘটিত হৈছে তেনে ধৰণৰ এক ঘটনা৷
প্ৰাপ্ত অভিযোগ অনুসৰি বিগত ২০১৮ বৰ্ষৰ ১৯ ডিচেম্বৰত ভোমোৰাগুৰিৰ গেলগেলি গাঁৱৰ ইনামূল হক নামৰ যুৱকজনে নিজা ঘৰত বিদ্যুৎ সংযোগৰ বাবে বিভাগীয় নিয়মানুসৰি প্ৰয়োজনীয় মাচুল আৰু তথ্য পাতি জমা দিয়ে।
ইয়াৰ পাছতে ধিং বিদ্যুত সংমণ্ডল বিষয়া গৰাকীয়ে যুৱকজনৰ ঘৰত বিদ্যুতৰ সংযোগ দিবৰ বাবে প্ৰয়োজনীয় নীতি নিৰ্দেশনা প্ৰেৰণ কৰে যদিও ভোমোৰাগুৰি অঞ্চলত বিদ্যুৎ তদাৰক সমিতিৰ সভাপতিৰ দায়িত্বত থকা ইয়াকুব আলীয়ে বিদ্যুৎ সংযোগ দিয়াৰ বাবে যুবকজনৰপৰা তিনি হাজাৰ টকা উপঢৌকন হিচাপে বিচাৰে।
এই ধন আদায় দিবলৈ অমান্তি হোৱাৰ বাবেই তদাৰক সমিতিৰ সভাপতি গৰাকীয়ে দৰিদ্ৰ পৰিয়ালটিৰ গৃহত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰে আৰু তদাৰক সমিতিৰ বিনা অনুমতিত বিদ্যুৎ বিভাগৰ অভিযন্ত্ৰা অথবা বিষয়া-কৰ্তৃপক্ষই বিদ্যুতৰ সংযোগ দিব নোৱাৰিব বুলি দম্ভালিহে মাৰে।
ফলত বিভাগীয় অনুমতি লাভ কৰাৰ এপষেক পাৰ হৈ যোৱাৰ পাছতো এই পৰিয়ালটোয়ে আজিকোপতি বিদ্যুৎ সংযোগ পাবলৈ সক্ষম হোৱা নাই৷ আনকি দুৰ্ভগীয়া যুৱকজনে উপায়হীন হৈ ধিং বিদ্যুৎ সংমণ্ডলত এই বিষয়ে জনাইছে যদিও কোনো সুফল লাভ কৰা নাই৷
গতিকে,এনে প্ৰেক্ষাপটত বিদ্যুৎ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্ত্ৰা গৰাকীয়ে দৰিদ্ৰ পৰিয়ালটোক বিদ্যুৎ সংযোগ দিবৰ বেলিকা কি বাস্তৱ পদক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হৈ পৰিছে৷