
চামগুৰিঃ নগাঁৱৰ পুৰণি গুদামৰ ভীমৰগাঁৱত মঙলবাৰে দোকমোকালিত বন্যহস্তীয়ে সন্ত্ৰাস চলায়। গাঁৱখনৰ লোকে নিশা থিয়েটাৰ চাবলৈ যাওঁতেই বন্যহস্তীৰ প্ৰায় সাত জনীয়া এটা জাকে উপদ্ৰৱ চলাই লণ্ডভণ্ড কৰে গাঁৱখনৰ তিনিটাকৈ বাসগৃহ।
খাই তহিলং কৰিলে কেইবা ঘৰ লোকৰ কাটি অনা বহু সংখ্যক ধানৰ দাঙৰি, হাতীৰ গছকত উচন হ'ল সৰিয়হৰ পথাৰ।
বন বিভাগৰ নিৰ্লিপ্ত ভূমিকা গ্ৰহণৰ অভিযোগ উত্থাপন কৰি সংশ্লিষ্ট বিভাগটোৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ৰাইজে। প্ৰায় দুসপ্তাহ ধৰি বৃহত্তৰ শিঙীয়া, মিকিৰহাট, ভীমৰগাঁৱ আদি অঞ্চলত কেইবাটাও বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই থকাৰ বাবে প্ৰায়েই স্থানীয় ৰাইজে নিশা উজাগৰে কটাবলগীয়া হোৱাৰ পিছতো বন হাতী খেদোৱাৰ ব্যৱস্থা নকৰাত এতিয়া চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহনৰ আহ্বান জনাইছে ভোক্তভুগি স্থানীয় ৰাইজে।