♦ নগাঁৱত ৬ বছৰত মাত্ৰ ৫২ জনেহে পালে চাকৰি

♦ চৰম হতাশাত শিক্ষিত নিবনুৱা

নগাঁওঃ নগাঁও জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে বিগত ছটা বিত্তীয় বৰ্ষত মাত্ৰ ৫২ জন পঞ্জীয়নভুক্ত নিবনুৱাইহে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে।

জানিব পৰা মতে, নগাঁও নিয়োগ বিনিময় কেন্দ্ৰটোত ইতিমধ্যে জিলাখনৰ প্ৰায় নব্বৈ হাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে নাম পঞ্জীয়ন কৰিছে।

কিন্তু ইমান বৃহৎ সংখ্যক নিবনুৱাই নাম পঞ্জীয়ন কৰাৰ পাছতো জিলা নিয়োগ বিনিময় কেন্দ্ৰটোৰ জৰিয়তে এই ছটা বছৰত মাত্ৰ ৫২জন পঞ্জীয়নভুক্ত নিবনুৱাইহে নিযুক্তি লাভ কৰাটোৱে চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ, ন'ডেল কেৰিয়াৰ চেণ্টাৰ, এমপ্লইমেণ্ট জেনেৰেচন মিছন আদি আঁচনিৰ চৰম ব্যৰ্থতাৰ ছবিখনকেই স্পষ্টৰূপত প্ৰতিফলিত কৰিছে।

নগাঁও জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ নিযুক্তি বিষয়াৰ কাৰ্যালয়ৰ পৰা তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰ অধীনত পোৱা তথ্য অনুসৰি, বিগত ২০১৩ বৰ্ষত জিলা নিয়োগ বিনিময় কেন্দ্ৰটোত পঞ্জীয়নভুক্ত শিক্ষিত নিবনুৱাৰ সংখ্যা আছিল ৫৮,৪৫৭জন। ইয়াৰে ১৫,০৬৯ জন কলা বিভাগৰ, ১৩,০৭৬ জন বিজ্ঞানৰ, ৭১১ জন আই টি আই, ১২৭ জন ডিপ্ল'মা ডিগ্ৰীধাৰী।

২০১৪ চনত নিয়োগ বিনিময় কেন্দ্ৰটোত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ৫৮,১৫৭জন। ইয়াৰ ভিতৰত ১৫,৭২৮ জন কলা, ১৩,৭১৩ জন বিজ্ঞান, ৭৬২ জন আই টি আই আৰু ১৪৪ জন ডিপ্ল'মা ডিগ্ৰীধাৰী।

২০১৫ বৰ্ষত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ৬৯,৯২৩ জন ৷ ইয়াৰে ১৪,০৪৫ জন কলা শাখাৰ, ১,১৫৭ জন বিজ্ঞানৰ, ৮৫০ জন আই টি আই আৰু ১৭৫ জন ডিপ্ল'মাধাৰী শিক্ষিত নিবনুৱা৷

ঠিক সেইদৰে ২০১৬ বৰ্ষত নিয়োগ বিনিময় কেন্দ্ৰটোত পঞ্জীয়নভুক্ত নিবনুৱা আছিল ৫৯,৩২০ জন। ইয়াৰে ১৪,৭৯৬ জন কলা, ১,২৯৮ জন বিজ্ঞান, ৯৩২জন আই টি আই আৰু ২২১ জন ডিপ্ল'মাধাৰী।

আনহাতে, ২০১৭ বৰ্ষত নিয়োগ বিনিময় কেন্দ্ৰটোত পঞ্জীয়নভুক্ত মুঠ নিবনুৱাৰ সংখ্যা আছিল ৮৮,৪৫৩জন। এওঁলোকৰ ভিতৰৰ ১৫,০৭৪ জন কলা, ১,২৫৫ জন বিজ্ঞান, ১০১৩ জন আই টি আই আৰু ২৬৮ জন ডিপ্ল'মাধাৰী।

ইয়াৰ বিপৰীতে চলিত বিত্তীয় বৰ্ষত নগাঁও জিলা নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীভুক্ত শিক্ষিত নিবনুৱাৰ সংখ্যা ৯০ হেজাৰৰো অধিক হয়গৈ।

আৰ টি আইৰ তথ্য মতে, নগাঁও জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে ২০১৩ বৰ্ষত এজনো পঞ্জীয়নভুক্ত নিবনুৱাই নিযুক্তি লাভ কৰিবলৈ সক্ষম নোহোৱাৰ বিপৰীতে ২০১৪ বৰ্ষত এই নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে ১৮ জন, ২০১৫ বৰ্ষত ১৩ জন, ২০১৬ বৰ্ষত ১১ জন আৰু ২০১৭ বৰ্ষত মাত্ৰ ১০ জন পঞ্জীভুক্ত নিবনুৱাইহে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে।

জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ নিযুক্তি বিষয়াই দিয়া আৰ টি আই তথ্যত লগতে প্ৰকাশ পোৱা তথ্যানুযায়ী, ২০১৪ বৰ্ষত জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে নিযুক্তি লাভ কৰাসকলৰ ভিতৰৰ এজন কাৰিকৰী শিক্ষাৰ, ৫ জন স্নাতক, ৫ জন উচ্চতৰ মাধ্যমিক, ৩ জন মেট্ৰিক অনুত্তীৰ্ণ ৷

২০১৫ বৰ্ষত নিযুক্তি পোৱাসকলৰ ভিতৰৰ ১ জন কাৰিকৰী, ২ জন মেট্ৰিক, ৬ জন উচ্চতৰ মাধ্যমিক, ২ জন স্নাতক, ২ জন মেট্ৰিক অনুত্তীৰ্ণ ৷ ২০১৬ চনত নিযুক্তি পোৱাসকলৰ ভিতৰৰ ১ জন মেট্ৰিক, ৯ জন উচ্চতৰ মাধ্যমিক, ১ জন মেট্ৰিক অনুত্তীৰ্ণ আৰু ২০১৭ বৰ্ষত নিযুক্তি লাভ কৰাসকলৰ ভিতৰৰ ৮ জন কাৰিকৰী শিক্ষাৰ, ২ জন মেট্ৰিক উত্তীৰ্ণ পঞ্জীভুক্ত নিবনুৱা আছিল।

আনহাতে,জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে নিযুক্তি লাভ কৰাৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। কাজেই,বৰ্তমান সময়ত এটা চাকৰিৰ আশাত হামৰাও কাঢ়ি ফুৰা নিবনুৱা শিক্ষিত যুৱক-যুৱতীয়ে এনেদৰে নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰাৰ পাছতো সংশ্লিষ্ট কৰ্তৃপক্ষৰ অবহেলা তথা উদাসীনতাৰ বাবেই বছৰ বছৰ ধৰি চাকৰিৰ মুখ নেদেখা বিষয়টোয়ে সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে৷