নগাঁওঃ ৰাজ্য চৰকাৰে মানুহৰ জীৱন সম্পত্তি সুৰক্ষা দিয়াৰ নামত ভেঙুচালি কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ যোৱা ২৪ ঘন্টাৰ ভিতৰত তিনিচুকীয়া জিলাৰ জাগুনত এগৰাকী ৫০ বছৰীয়া মহিলাৰ লগতে নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত কটহগুৰিৰ আন এগৰাকী মহিলাৰ মৃত্যু হয়৷

চৰকাৰে হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে তিলমানো গুৰুত্ব আৰোপ নকৰাৰ ফলত প্ৰতিদিনে হাতীৰ আক্ৰমণত মানুহৰ প্ৰাণ গৈছে বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ ৰাজ্যৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোকৰ হাতীৰ জাকৰ উপদ্ৰৱৰ ফলত নিতৌ নিদ্ৰাহৰণ হৈছে যদিও কাণসাৰ নাই চৰকাৰ খনৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলঙ জিলাৰ খট-খটি আৰক্ষী থানা এলেকাতো বনৰীয়া হাতীয়ে দৰিদ্ৰ শ্ৰমিকৰ ঘৰ ভাঙি গৃহহাৰা কৰাৰ লগতে মানুগত আক্ৰমণ কৰি আহিছে৷

নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত কটহগুৰি গাঁৱৰ এগৰাকী মহিলাক হাতীয়ে নিৰ্মম ভাবে গছকি প্ৰাণ লোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰিয়ালৰ পৰা জানিব পৰা মতে, কাৰ্বি আংলঙ জিলাৰ খট-খটি আৰক্ষী থানাৰ অন্তৰ্গত কাচিৰাম বস্তিত কৰ্মসূত্ৰে বহু দিন ধৰি নগাঁও জিলাৰ কটহগুৰি গাঁৱৰ নিবাসী আব্দুল ৰহমানৰ কন্যা ফাতেমা খাতুনে (৪১) বসবাস কৰি আছিল। 

যদিও দেওবাৰে নিশা প্ৰায় ১ মান বজাত নিজ গৃহৰ পৰা বাহিৰলৈ ওলোৱাৰ মুহূৰ্ততে এদল বনৰীয়া হাতীয়ে নিজ গৃহৰ চৌহদত অতি নিৰ্মম ভাবে গছকি হত্যা কৰে ফাতেমাক। হাতীৰ আক্ৰমণত মহিলাগৰাকীৰ অকালতে প্ৰাণ যোৱাৰ খবৰ বিয়পি পৰাত অঞ্চলটোত শোকৰ ছাঁ পৰে।