
নগাঁওঃ হেপাহৰ ৰঙালী বিহুলৈ মাজত মাথো এটা দিন। ৰাজ্যৰ চহৰ-নগৰ আৰু গ্ৰাম্য এলেকাত এতিয়া বাপতি সাহোন ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। বসন্ত ঋতুৰ আগমনৰ লগে লগেই সকলোৰে মনত বিৰিঙিছে ৰং-উৎসাহ, হাঁহি-আনন্দ। বহাগৰ আগমনত ন-ৰূপেৰে উজলি উঠিছে প্ৰকৃতি ৰাণী, কুঁহিপাত।
মন-প্ৰাণ সজীৱ কৰি তুলিবলৈ আকৌ আহিল ৰঙালী বিহু। প্ৰতিজন অসমীয়াৰ অতি চেনেহৰ বাপতিসাহোন এই বিহু সম্প্ৰতি পদাৰ্পণ কৰিছে পদূলিমুখত। সেয়ে ব’হাগী ব’হাগী গোন্ধেৰে আমোল-মোলাই পৰিছে অসমীয়াৰ পদূলি৷ এতিয়া ৰাজ্যৰ চৌদিশে বিহুক লৈ ব্যাপক ব্যস্ততা৷ নগঞা ৰাইজৰো ব্যস্ততাৰ ওৰ পৰা নাই৷
তাৰ লগে লগে পৰম্পৰা ৰক্ষা কৰাত ব্যস্ত হৈ পৰিছে অসমীয়া৷ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ হাতীচোং মৌজাৰ অন্তৰ্গত ঐতিহাসিক দীঘলী বিলত পৰম্পৰা ৰক্ষা কৰিলে শ-শ লোকে৷
জাক জাক জাকৈয়া মহিলাৰ জাকৈৰ চাব আৰু পাহোৱাল ডেকাৰ জালৰ চাবৰ লগতে প’ল, চেপা, খ’খা আদি হাতে হাতে লৈ মাছ ধৰিবলৈ নমা অগণন লোকৰ উপস্থিতিৰে শুকুৰবাৰে মুখৰিত হৈ পৰিল ঐতিহাসিক দীঘলী বিল৷ স্মৰ্তব্য যে, যুগ যুগ ধৰি প্ৰতি বছৰে ব’হাগ বিহুৰ উৰুকাৰ দিনা নগঞা ৰাইজে পৰম্পৰাগতভাবে পালন কৰি আহিছে এই সমূহীয়া মাছ ধৰা উৎসৱ৷
তদ্ৰুপ বিগত বৰ্ষবোৰৰ দৰে গঞাৰাইজে ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে পালন কৰে সমূহীয়া মাছ ধৰা উৎসৱ৷ পুৱাৰে পৰা বেজীয়া, জাজৰি, নসত্ৰ, ৰাইদঙীয়া, চকলাঘাট,পুখুৰীপাৰ, কাছমাৰী, বৰভেটী, টকৌবাৰী, জলময়ী, বাংথাই, ৰজাগাঁও, কলবাৰী, মাজগাঁও, কুজিদাঁহ, দলংঘা, বৰছিলা, গা-খজুৱা, শিমলুগুৰি, নমাটি আদি অঞ্চলৰ পৰা দীঘলী বিললৈ মাছ ধৰিবলৈ আৰু মাছ ধৰাৰ মনোৰম দৃশ্য উপভোগ কৰাৰ নিমিত্তে অহা অগণন গঞা ৰাইজৰ উপস্থিতিৰে উদুলি-মুদুলি হৈ পৰা দেখা যায় দীঘলী বিলৰ দুয়োপাৰ৷
বিভিন্ন জাতি-ধৰ্মৰ ভেদাভেদ নেওচি সমবেত হোৱা বিহু বলীয়া জনতাই দীঘলী বিলৰ প্ৰাংগণ সমন্বয়স্থলীত পৰিণত কৰি এক সুকীয়া পৰিবেশৰ সৃষ্টি কৰে৷ প্ৰকাশ যে, স্ফূৰ্তি-তামাচা আৰু ৰং-ৰহইচৰ মাজেৰে ঐক্য-সংহতিৰ উৎকৃষ্ট চানেকী দাঙি ধৰি গ্ৰামাঞ্চলবাসী পুৰুষ-মহিলা, ডেকা-গাভৰুৰ লগতে কণ কণ ল’ৰা-ছোৱালীও মাছ ধৰাৰ বাবে বিলৰ পানীত নামে যদিও পূৰ্বৰ তুলনাত মাছৰ সংখ্যা ভালেখিনি হ্ৰাস পোৱাৰ হেতু অধিক সংখ্যক লোকেই মাছ পাবলৈ সক্ষম নহ’ল৷
কিন্ত ইয়াৰ বাবে কোনেও খেদ প্ৰকাশ নকৰি উৰুকাৰ বহু আকাংক্ষিত দিনটো আনন্দ-উলাহেৰে জীপাল কৰি তোলে৷ আনকি বহু যুৱকে আকৌ বিলৰ পাৰতেই ঢোল-পেঁপা বজাই বিহুগীত জুৰি নৃত্য-গীতত মছগুল হৈ বিহুৰ আনন্দত মতলীয়া হৈ পৰাৰ দৃশ্যই এক নান্দনিক পৰিৱেশৰ প্ৰতিফলন ঘটায়৷