শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত দৌলযাত্ৰা মহোৎসৱ আৰম্ভ

ৰঙৰ উৎসৱত মুখৰিত বৃহত্তৰ বৰদোৱা

থান প্ৰাংগণৰপৰা জয়ন্ত মুদৈঃ "ৰং ৰং নানা ৰং কিনিবলৈ যাওঁ/ৰংপুৰ অভিমুখে আমি আগুৱাওঁ, যত যি ৰং পাওঁ মোনাত ভৰাওঁ/সেই ৰং পৃথিৱীলে’ আমি ছটিয়াওঁ..."

মৌ বৰষা কণ্ঠৰ অধিকাৰী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই সম্ভৱতঃ গুৰুজনাৰ ইতিহাস বিজড়িত জন্মভূমি বৰদোৱাক কেন্দ্ৰ কৰিয়েই ৰঙৰ উছৱ ফাকুৱাক লৈ এইদৰে কণ্ঠ নিগৰাইছিল৷ হয় ফাকুৱা মানেই ৰং-আনন্দৰ সমাহাৰ৷ নীলা, ৰঙা, বগা, সেউজীয়া, গোলপীয়া....কত যে কিমান ৰঙৰ সমাহাৰ ঘটে এই ফল্গোৎসৱত! তাতে আকৌ মন-প্ৰাণ উতলা কৰা ফাগুন৷ এই ফাগুনেই ডেকা-গাভৰুৰ মন চঞ্চল কৰি আনে উদ্দীপনাৰ বতৰ৷ ফাগুন আৰু ফাকুৱা যেন এৰাব নোৱাৰা এক মিলনমালা৷ 

এই মিলনৰ বৈভৱ দাঙি ধৰি বৃহত্তৰ অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আৰু আদি লীলাভূমি নগাঁৱৰ বৰদোৱা (আলিপুখুৰী)ৰ পৱিত্ৰ বটদ্ৰৱা থানত পূৰ্ব পৰম্পৰা অটুট ৰাখি এইবেলিও বুধবাৰৰেপৰা পাঁচদিনীয়াকৈ দৌল মহোৎসৱটি আড়ম্বৰপূৰ্ণভাৱে শুভাৰম্ভ হৈছে৷

স্মৰ্তব্য যে, ৰামচৰণ ঠাকুৰৰদ্বাৰা ৰচিত 'গুৰুচৰিত'ত উল্লেখ কৰা মতে মহাপুৰুষ শংকৰদেৱে মাত্ৰ ২১ বছৰ বয়সতে বৰদোৱা সত্ৰত পোনপ্ৰথমে দৌল উৎসৱ আৰম্ভ কৰিছিল৷ সেই অনুসৰি তাল-খোল-শংখ আদিৰ মাংগলিক ধ্বনিৰ মাজেৰে মহাপুৰুষজনাই ৰচনা কৰা দৌলগীত গাই দৌললৈ যাত্ৰা কৰি দৌলত গোসাঁই মূৰ্তি স্থাপন কৰি গন্ধ গায়৷

ইয়াৰ পাছত শংকৰদেৱে হাতত তিল আৰু কুশ লৈ হৰিনাম পৰিৱেশনেৰে গোসাঁই মূৰ্তিক দৌলত থৈ ঘৰা-ঘৰি যায়৷ পিছদিনা পুৱাতে গা-পা ধুই দৌলৰ কাষলৈ আহি শংকৰদেৱে বন্দনা কৰে৷ ভকতসকলেও ঢোল-খোল বজাই গীত জুৰাৰ লগতে ফাকুগুড়ি ছটিয়াই আৰু আনন্দ-স্ফুৰ্তিত মতলীয়া হৈ পৰে৷ 

এনেদৰেই মহাপুৰুষজনাই সমাজত কৃষ্ণভক্তিৰ ৰস বোৱাই দিবলৈকে বৰদোৱাত দৌল উৎসৱৰ পাতনি মেলিছিল বুলি জনা যায়৷ উল্লেখ্য, বহু বছৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নাম-ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰি থৈ যোৱা কীৰ্তন ঘৰক কেন্দ্ৰ কৰিয়েই বৰ্তমানৰ আকৰ্ষনীয় পৰ্যটনথলীলৈ ৰূপান্তৰিত হোৱা বটদ্ৰৱা থানত প্ৰতি বছৰে ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে জাকজমককৈ উদযাপন কৰি অহা এই দৌলোৎসৱ অসমৰ জনজীৱনৰো এক অংগ হৈ পৰিছে৷

ফলত এই উৎসৱ উপলেক্ষ আজি সমগ্ৰ বৰদোৱা অঞ্চলত উৎসৱমূখৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ প্ৰায় এমাহজোৰা প্ৰস্তুতি আৰু অধীৰ অপেক্ষাৰ অন্তত বৰদোৱাবাসী আনন্দত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হৈছে৷ 

কাৰ্যসূচী অনুসৰি আজি গন্ধ উৎসৱ পালন কৰা হয়৷ পূৰ্ব পৰম্পৰা তথা আচাৰ-ৰীতিক সাৰোগত কৰি পালিত এই উৎসৱ উপলক্ষ্যে আজি পুৱাৰেপৰা থান প্ৰংগণত অগণন ভক্তৰ সমাগম হয়৷পুৱা ৫ বজাৰপৰা একাদিক্ৰমে তাল কোবোৱা, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল-প্ৰসংগ, ভকতৰ নাম, ভাগৱত পাঠ, গুণমালা, ভটিমা প্ৰসংগ আদিৰ সমাপ্তিত বিয়লি গায়ন-বায়নৰদ্বাৰা সম্পূৰ্ণ আধ্যাত্মক পৰিৱেশত শ্ৰীকৃষ্ণৰ মূৰ্তিভাগ (গোসাঁই)ক কীৰ্তন ঘৰৰপৰা উলিয়াই আনি স্নান কাৰ্য সম্পাদন কৰি পৱিত্ৰ আকাশী গংগাৰ তীৰত গন্ধ ঘৰ পোৰা উৎসৱ পালন কৰাৰ পাছত গোসাঁইক ৰভাতলত স্থাপন কৰা হয় আৰু গায়ন-বায়নৰদ্বাৰা ৰাম-ধেমালি গীত পৰিৱেশন কৰা হয়৷

পৰৱৰ্তী পৰ্যায়ত গোসাঁইক গন্ধ তেলেৰে নোৱাই-ধুৱাই নতুন বস্ত্ৰ পৰিধান কৰোৱাই গন্ধ উৎসৱ সম্পন্ন কৰা হয়৷ কাইলৈ পুৱাৰ ভাগত নিত্য-নৈমিত্তিক প্ৰসংগ সম্পন্ন হোৱাৰ পাছত দুপৰীয়া গায়ন-বায়নৰদ্বাৰা ন-ধেমালিৰ মাজেৰে গীত পৰিৱেশন আৰু গোসাঁই পূজাৰ অন্তত গোসাঁইৰ মূৰত ফাকু দিয়া উৎসৱ পালন কৰা হ’ব৷

উল্লেখ্য যে, মিলনৰ বাৰ্তা কঢ়িয়াই বৰদোৱাৰ ফল্গোৎসৱে তাহানিৰেপৰা দাঙি ধৰা অপূৰ্ব আদৰ্শক সাৰোগত কৰিয়েই পূৰ্বৰ দৰে এইবেলিও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰপৰা ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ ঘটিছে গুৰুজনাৰ ওপজা ভূমিলৈ৷

ক’ব পাৰি অবিস্মৰণীয় এক ক্ষণ হৃদয়ে হৃদয়ক আকোঁৱালি লোৱাৰ এক পণ যেন এই ৰং৷ বৰদোৱাই এই ৰঙৰ মাজেৰে অনাদি অনন্ত কাললৈ গুৰুজনাৰ অপূৰ্ব সৃষ্টি ৰঙৰ উৎসৱ ফাকুৱাক দি যাব এক অনন্ত গতি৷

সেয়ে হয়তো ডেকা-গাভৰুৰপৰা আৰম্ভ কৰি আৱাল-বৃদ্ধ-বণিতালৈকে এতিয়া এই পৱিত্ৰ স্থানলৈ বৈছে অহৰহ সোঁত৷ কাইলৈ পুৱাৰ ভাগত নিত্য-নৈমিত্তিক প্ৰসংগ সম্পন্ন হোৱাৰ পাছত দুপৰীয়া গায়ন-বায়নৰদ্বাৰা ন-ধেমালিৰ মাজেৰে গীত পৰিৱেশন আৰু গোসাঁই পূজাৰ অন্তত গোসাঁইৰ মূৰত ফাকু দিয়া উৎসৱ পালন কৰা হ’ব৷