নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ডুমডুমীয়া, বালিসত্ৰ, সৰুহিচা, বৰহিছা, ভেটিয়নী, ভোমোৰাগুৰি আদি গাঁৱত নিতৌ সংঘটিত হৈ থকা গৰু চুৰিৰ ঘটনাৰ বাবে নিদ্ৰা হৰণ কৰিছে অঞ্চলবাসীৰ।

গৰু চোৰৰ উপদ্ৰৱ ইমানেই বৃদ্ধি পাইছে যে গঞা ৰাইজে গোহালিত গৰু ৰাখিব নোৱাৰি বজাৰত বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। বিগত বছৰটোৰপৰা বৰ্তমানলৈকে এই গাঁও কেইখনৰপৰা প্ৰায় শতাধিক গৰু চুৰি হৈছে যদিও এই পৰ্যন্ত আৰক্ষীয়ে কোনো চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম নোহোৱাৰ বাবে ৰাইজ নিৰুপায় হৈ পৰিছে।

ইফালে, এই গৰু চুৰিৰ ঘটনাৰ পুনৰাবৃত্তি ঘটি মঙলবাৰৰ নিশাও ডুমডুমীয়া আৰক্ষী চকীৰ এলেকাধীন বালিসত্ৰ গাঁৱৰ পোনা বৰুৱা নামৰ লোকজনৰ গোহালিৰ বেৰ কাটি দুটা গৰু চোৰে চুৰ কৰি লৈ যায়।

গৰু দুটাৰ মূল্য প্ৰায় পঞ্চাশ হাজাৰ টকা হ'ব বুলি গৃহস্থই জানিবলৈ দিয়ে। দুখজনকভাৱে এই লোকজনৰ গোহালিৰপৰা যোৱা বছৰো এটা গৰু চুৰি হৈছিল। বৃহত্তৰ অঞ্চলবাসী ৰাইজে শীঘ্ৰে চোৰক কৰায়ত্ব কৰি উপযুক্ত শাস্তিৰ দাবীৰ লগতে গো-ধন-জনৰ সুৰক্ষাৰ দাবী জনাইছে।

স্থানীয় ৰাইজে চৰকাৰী সুবিধা তথা বেতন লাভ কৰা গাঁওৰক্ষী বাহিনীৰ নিস্ক্ৰিয়তা আৰু অঞ্চলটোত কাঠফুলাৰ দৰে বাঢ়ি অহা অবৈধ কচাইখানাসমূহৰ বাবেই গৰু চোৰৰ উপদ্ৰৱ হৈছে বুলি অভিযোগ তুলিছে ৰাইজে।