
নগাঁওঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্ম বিজড়িত ঐতিহাসিক শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্রজেন কাকতিয়ে শুকুৰবাৰে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ এখনি নিৰ্বাচনী সভাত বি জে পিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা কাৰ্যক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অংশগ্ৰহণ কৰা বটদ্ৰৱা সমষ্টিৰ কপাহেৰা খেলপথাৰত বিয়লি অনুষ্ঠিত বি জে পিৰ সভাখনত থানখনৰ সাধাৰণ সম্পাদক কাকতিয়ে ভাষণ দি কংগ্ৰেছ আৰু অ গ পক ক্ষুৰধাৰ সমালোচনা কৰা কাৰ্যই সচেতন মহলৰ মাজত ব্যাপক চৰ্চা লাভ কৰাৰ লগতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
থানৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বাবত থাকি ব্ৰজেন কাকতিয়ে ৰাজনৈতিক দলৰ মঞ্চত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলোৱা কাৰ্যক লৈ এতিয়া থান পৰিচালনা সমিতিৰ ভিতৰ চ'ৰাতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তাৎপৰ্যপূৰ্ণ বিষয় যে, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ লগত থকা ঘনিষ্ঠতাৰ সূত্ৰেই কাকতিয়ে নিজৰ পদবীৰ কথা পাহৰি ঐতিহাসিক থানখনৰ মান-মৰ্যাদাতো আঘাত হনা বুলি সৰ্বত্ৰে চৰ্চা চলিছে।
ঐতিহাসিক থানখনক গেৰুৱাকৰণ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা ব্ৰজেন কাকতিয়ে নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত এনে নিকৃষ্ট কাৰ্যত নামি পৰা বুলিও গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। লক্ষণীয় বিষয় এই যে, শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা ব্ৰজেন কাকতিয়ে নগাঁও লোকসভা সমষ্টিৰ বি জে পি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি ভিতৰি ভিতৰি কুচকাৱাজ চলাই আহিছে।
আনকি, বি জে পিৰ নেতা, মন্ত্ৰী আৰু বিধায়কৰ লগত হলি-গলি কৰি কাকতিয়ে কিছুদিনৰপৰা সাংসদ হোৱাৰ স্বপ্নত বিভোৰ হৈ নিজৰ পদমৰ্যাদাৰ কথাও পাহৰি নিজকে গেৰুৱা দলটোৰ লগত বিলীন কৰি দিবলৈও কুন্ঠাবোধ কৰা নাই। এফালে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকৰ লেভেল আৰু আনফালে বি জে পিৰ লেভেল লগাই বহুৰূপী হৈ পৰা কাকতিৰ এনে কাৰ্য-কলাপক লৈ ইতিমধ্যে থান পৰিচালনা সমিতিৰ একাংশ বিষয় ববীয়া আৰু সদস্য ক্ষুন্ন হৈ পৰিছে।
আজি সকলো সীমা চেৰাই কাকতিয়ে বি জে পিৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দিয়াত থান পৰিচালনা সমিতিৰ ভিতৰ চ'ৰাত জোকাৰণিৰ সৃষ্টিৰ কৰাৰ লগতে সচেতন মহলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, কাকতিৰ কাৰ্যকালতে শ্ৰীশ্ৰী বটদ্ৰৱা থানত বিগত শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তীত থান চৌহদত পূজা সদৃশ জাক জমকতাৰে কলকাতা আৰ্হিৰ আলোকসজ্জাৰে চমক সৃষ্টি কৰিবলৈ গৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। এনে প্ৰেক্ষাপটত এইগৰাকী সাধাৰণ সম্পাদকৰ কাৰ্যকালত ঐতিহাসিক শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ মান মৰ্যাদাক লৈও সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে।