নগাঁওঃ ৰাষ্ট্ৰীয় আৱিস্কাৰ অভিযানৰ সৈতে সংগতি ৰাখি সোমবাৰে নগাঁও জিলাৰ চকলাঘাটৰ ব্ৰাহ্মণগাঁওস্থিত হাতীচোং উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত  জ্ঞানমেলা অনুষ্ঠিত হয়৷ জিলাখনৰ খাগৰিজান শিক্ষা খণ্ডৰ অধীনৰ চকলাঘাট মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত তথা প্ৰথম এডুকেচ’ন ফাউণ্ডেছন আৰু হাতীচোং উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত মণ্ডল পৰ্যায়ৰ জ্ঞানমেলাত চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, হাতীচোং উচ্চ মাধ্যমিক বিদ্যালয়, কস্তুৰৱা বালিকা মজলীয়া বিদ্যালয় আৰু চকলাঘাট জে বি স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান আৰু গণিত বিষয়ত ২৮টা আৰ্হি প্ৰদৰ্শন কৰে৷ 

পুৱা ১১ বজাত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত জ্ঞানমেলাৰ দ্বাৰ উদঘাটন কৰে জাজৰি প্ৰেছ ক্লাবৰ সম্পাদক জয়ন্ত মুদৈয়ে৷ চকলাঘাট মণ্ডল সমল কেন্দ্ৰৰ কেন্দ্ৰ সমন্বয়ক পৱনজ্যোতি বৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত দলংঘাট আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক বিপুল ৰাজকুমাৰে বিশেষ অতিথি তথা আৰ্হি প্ৰদৰ্শনীৰ বিচাৰক হিচাপে অংশগ্ৰহন কৰি জ্ঞানমেলাৰ উদ্দেশ্য আৰু ছাত্ৰ-ছাত্ৰীসকল কিদৰে উপকৃত হয় তাৰ বিষয়ে বক্তব্য প্ৰদান কৰে৷

অনুষ্ঠানত হাতীচোং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভূপেন কুমাৰ নাথ, চকলাঘাট জে বি স্কুলৰ প্ৰধান শিক্ষক শিৱ প্ৰসাদ ভড়ালী, বিজেপিৰ দলংঘাট মণ্ডল সমিতিৰ সভাপতি যজ্ঞেশ্বৰ বৰা, প্ৰথম এডুকেচন ফাউণ্ডেছনৰ নগাঁও জিলা সমন্বয়ক মুকুট বৰা, খাগৰিজান খণ্ড সমন্বয়ক ৰুহিত শইকীয়া, প্ৰসন্ন মহন্তকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ জ্ঞানমেলাত চকলাঘাট মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ লগতে দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷