
নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অগ্ৰনী উচ্চ শিক্ষাৰ অনুষ্ঠান চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক প্ৰয়াত হলধৰ মূদৈৰ এক আবক্ষ মূৰ্তি দেওবাৰে বিদ্যালয়খনৰ প্ৰাংগণত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷
এই মৰ্মে, বিদ্যালয় প্ৰাংগণত আয়তিৰ উৰুলি আৰু গায়ন-বায়নৰ গুৰুঘাটৰ মাংগলিক ধ্বনিৰ মাজেৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শিক্ষাযোগীগৰাকীৰ আবক্ষ মূৰ্তিভাগ আনুষ্ঠানিকভাৱে উন্মোচন কৰে শংকৰী সংস্কৃতিৰ বিশিষ্ট গবেষক ড° নৰেন কলিতাই৷ আবক্ষ মূৰ্তি উন্মোচন কৰি ড° কলিতাই কয় যে, হলধৰ মূদৈ আছিল গুনীৰো গুনী মানৱপ্ৰেমী মানুহ৷ স্বাধীনোত্তৰ কালতে ১৯৪০ চনৰ ৩ মাৰ্চত হলধৰ মূদৈয়ে আৰম্ভ কৰা এই বিদ্যা মন্দিৰে সগৌৰৱেৰে হীৰক জয়ন্তী গৰকি সমগ্ৰ অঞ্চলটোক শিক্ষাৰ পোহৰ বিলাই আহিছে৷ সেয়ে হলধৰ মূদৈৰ দৰে মহান ব্যক্তিসকল মৰিও অমৰ৷
বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ লীলা কান্ত বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত আবক্ষমূৰ্তি উন্মোচনী সভাৰ আৰম্ভনীতে বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন অধ্যক্ষ ঘনমোহন গোস্বামীয়ে৷ সভাত হলধৰ মূদৈৰ বৰ্ণাঢ্য জীৱন আৰু কৰ্মৰাজীৰ সন্দৰ্ভত তেওঁৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট নাট্যকাৰ নেত্ৰকমল বৰঠাকুৰ, শিক্ষাবিদ পূৰ্ণ বেজবৰুৱা, শিল্পী দেৱ কুমাৰ বৰা, প্ৰাক্তন অধ্যক্ষ জগন্নাথ গোস্বামী, শিশু সাহিত্যিক নপুৰ ভট্টাচাৰ্য, প্ৰাক্তন ছাত্ৰী তথা বিশিষ্টা লেখিকা দিপ্তী দেৱী শৰ্মা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অকন বৰা, প্ৰাক্তন ছাত্ৰ অতুল চন্দ্ৰ বৰা আদিয়ে মননশীল আলোকপাত কৰি বক্তব্য আগবঢ়ায়৷
উক্ত সভাতে হলধৰ মূদৈৰ সুযোগ্য পুত্ৰ হৰমোহন মূদৈয়ে সম্পাদনা কৰা স্মৃতিগ্ৰন্থ 'শ্ৰদ্ধাঞ্জলি’ উন্মোচন কৰে নাট্যকাৰ নেত্ৰকমল বৰঠাকুৰে৷ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী বৃন্দামাই দেৱীয়ে উদ্দেশ্য বাখ্যা কৰা আৰু সহ-শিক্ষক উৎপল হাজৰীকাই আঁত ধৰি আগবঢ়াই নিয়া আবক্ষ মূৰ্তি উন্মোচনী সভাখনত বিশিষ্ট সমাজকৰ্মী থানেশ্বৰ বৰা, গম্ভীৰ শইকীয়া, ক্ষিতেশ্বৰ বৰা, কবি প্ৰদীপ শইকীয়া, খগেন শইকীয়া, দিপ্তী বৰা, ৰাতুল শইকীয়া, জ্যোতি প্ৰসাদ বৰা আদিৰ লগতে হলধৰ মূদৈৰ ভালে সংখ্যক গুণগ্ৰাহী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু পৰিয়ালৰ লোকসকলে অংশগ্ৰহণ কৰে৷
সভাত পৰিয়ালবৰ্গৰ হৈ আবক্ষ মূৰ্তিভাগৰ দাতা প্ৰয়াত হলধৰ মূদৈৰ বৃদ্ধা পত্নী লীলাৱতী মূদৈ, পুত্ৰদ্বয় সনত মূদৈ, যতীন্দ্ৰ মূদৈকে ধৰি পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে৷ সভাৰ সভাপতিৰ ভাষণত প্ৰাক্তন অধ্যক্ষ লীলাকান্ত বৰাই কয় যে প্ৰয়াত শিক্ষাযোগী হলধৰ মূদৈৰ কৰ্মৰাজীয়ে সদায় অঞ্চলৰ নতুন প্ৰজন্মক প্ৰেৰণা দি থাকিব৷