25
Apr
2018

নগাঁওঃ নগাঁও জিলাৰ জাজৰি সমীপৰ হাতীচোং কুজিদাঁহৰ কদম পুখুৰী পাৰত বুধবাৰে বিয়লি এক শোকাৱহ ঘটনা সংঘটিত হয়৷ ধুমুহাত গছ বাগৰি পৰাৰ ফলত এজন যুৱক গুৰুত্বৰভাবে আহত হয়৷ আহত যুৱকজন জাজৰিৰ সমীপৰ দলংঘাটৰ শান্তিপুৰ গাঁও নিবাসী প্ৰশান্ত বৰদলৈৰ পুত্ৰ জিতু বৰদলৈ বুলি জানিব পৰা গৈছে৷
প্ৰাপ্ত খবৰ মতে, বিয়লি প্ৰায় চাৰে চাৰি বজাত প্ৰচণ্ড বেগত অহা এজাক ধুমুহাৰ কৱলত পৰি হাতীচোঙৰ কদম পুখুৰী পাৰত এজোপা গছ বাগৰি পৰে৷ সেই সময়ত বেবেজীয়া-জাজৰি সংযোগী পথেৰে দলংঘাটৰ নিজ গৃহ অভিমুখে আহি থকা যুৱকজন ধুমুহাত বাগৰি পৰা গছজোপাই হেচা মাৰি ধৰে৷
লগে লগে সেই স্থানত বহুলোকৰ সমাগম হয় আৰু সংকটজনক অৱস্থাত যুৱকজনক ৰাইজে এখন টেম্প’ৰে নগাঁও চহৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ শৰীৰৰ কেইবা ঠাইটো আঘাত পোৱা যুৱকজন বাতৰি লিখাৰ সময়লৈকে বিপদমুক্ত নহয় বুলি জানিব পৰা গৈছে৷