জয়ন্ত মুদৈ, নগাঁও

নগাঁওঃ নগাঁও জিলাৰ জাজৰি থানাৰ এলেকাধীন হেমাৰবড়িত সংঘটিত হোৱা এক ভয়াৱহ অগ্নিকাণ্ডত এটা পৰিয়ালৰ যথেষ্ট ক্ষতি সাধন হয়৷ জানিব পৰা মতে, মঙলবাৰে পুৱা প্ৰায় চাৰে পাঁচ বজাত হেমাৰবড়ি নিবাসী চন্দ্ৰমাই ডেকা নামৰ মহিলাগৰাকীৰ ঘৰৰ সন্মুখত থকা এটা খেৰৰ মেজিত জুই লাগে৷
নিমিষতে জুইৰ লেলিহান শিখাই সমগ্ৰ মেজিটো আগুৰি ধৰি গ্ৰাস কৰি পেলাৱাত সমগ্ৰ অঞ্চলটোতে হুৱা-দুৱা লাগে আৰু এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ ঘটনাৰ খবৰ পাই লগে লগে জাজৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷
এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত বৃহৎ আকাৰৰ খেৰৰ মেজিটোৰ লগতে মেজিটো ঢাকি থোৱা টিনৰ চালি আৰু বেৰা সম্পূৰ্ণৰূপে জুঁইত জাহ যায়৷ ঘৰৰ পদূলিৰ বিদ্যুৎ পৰিবাহী খুটাৰপৰা খেৰৰ মেজিটোৰ নিচেই কাষেৰে ঘৰলৈ টানি নিয়া বৈদ্যুতিক তাঁৰৰপৰা শ্বৰ্ট চাৰ্কিট হৈ খেৰৰ মেজিত জুঁইৰ ফিৰিঙতি পৰাৰ ফলতেই এই অগ্নিকাণ্ডটো সংঘটিত হ’বলৈ পালে বুলি জানিব পৰা গৈছে৷