♦ আঞ্চলিক পঞ্চায়ত গঠনৰ বাবে নগদ ধন-কোটি টকাৰ কাম দিয়াৰ মুকলি টোপ কংগ্ৰেছী সদস্যক

নগাঁওঃ সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত বটদ্ৰৱা বিধানসভা সমষ্টিত শাসকীয় বি জে পি দলৰ তুলনাত কংগ্ৰেছ আৰু এ আই ইউ ডি এফে উন্নত ফলাফল প্ৰদৰ্শন কৰা পৰিলক্ষিত হ'ল৷
সমষ্টিটোৰ কেৱল মাত্ৰ হাতীচোং মৌজাতহে বি জে পিয়ে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয় যদিও বাকীকেইটা মৌজাত মুখ থকেচা খায় শাসকীয় দলটোৱে৷
ফলাফল ঘোষণাৰ পাছত এতিয়া সমষ্টিটোৰ অতিকে সন্মানীয় বটদ্ৰৱা আঞ্চলিক পঞ্চায়তখন গঠনক লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে৷ মুঠ পোন্ধৰটা গাঁও পঞ্চায়তক সামৰি গঠিত বটদ্ৰৱা আঞ্চলিক পঞ্চায়তৰ সৰ্বমুঠ ৯টা আঞ্চলিক সদস্য পদেই এইবাৰ কংগ্ৰেছ দলে দখল কৰাৰ বিপৰীতে এ আই ইউ ডি এফে তিনিটা, বি জে পিয়ে দুটা আৰু এটা নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰে৷
সেই হিচাবত একক সংখ্যা গৰিষ্ঠতা লাভেৰে বটদ্ৰৱা আঞ্চলিক পঞ্চায়ত কংগ্ৰেছ দলে গঠন কৰাৰ বাবে সুবিধাজনক স্থিতিত আছে যদিও আশ্চৰ্যজনকভাৱে আঞ্চলিক পঞ্চায়তটো গঠনৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰা নাই কংগ্ৰেছ শিবিৰে৷
কিয়নো আঞ্চলিক পঞ্চায়তটো গঠনৰ বাবে নিৰ্বাচিত সদস্য সকলকলৈ সমষ্টিটোৰ দলীয় নেতৃত্বই আলোচনাত মিলিত হৈ কাক সভাপতি আৰু কাক উপ-সভাপতি পদত অধিষ্ঠিত কৰিব সেই সন্দৰ্ভত তৎপৰ হ’ব লাগে যদিও সেই তৎপৰতা দেখা পোৱা নাই বটদ্ৰৱা কংগ্ৰেছ শিবিৰত৷
আনকি সমষ্টিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী গৌতম বৰা গুৱাহাটীত ব্যক্তিগত কামত আৰু শিৱামনি বৰা দিল্লীতহে প্ৰমোদ বিহাৰত ব্যস্ত আছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, এই দুজন নেতাই বিগত পঞ্চায়ত নিৰ্বাচনত বটদ্ৰৱা উন্নয়ন খণ্ড এলেকাধীন পঞ্চায়তসমূহত দলীয় টিকট প্ৰদানকে ধৰি নিৰ্বাচনী প্ৰচাৰৰ সকলো কাম-কাজ পৰিচালনা কৰিছিল ৷
পিছে আগন্তুক বিধানসভা নিৰ্বাচনত সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থিত্বৰ বাবে তৎপৰতা চলাই লবী ৰাজনীতিৰে নিজৰে দলীয় সমৰ্থকসকলৰ মাজত বিভাজনৰ ৰাজনীতিৰে ব্যাপক বিসম্বাদৰ সৃষ্টি কৰি থকা এই নেতা দুগৰাকীয়ে বটদ্ৰৱা আঞ্চলিক পঞ্চায়তটো গঠন কৰা সন্দৰ্ভতো সম্পূৰ্ণ ৰহস্যজনক স্থিতি গ্ৰহণ কৰাৰ অভিযোগ উঠিছে৷
গৌতম বৰা আৰু শিৱামনি বৰাৰ মাজত চলি থকা অহি-নকুল সম্পৰ্কৰ বাবেই সমষ্টিটোত এই এলেকাটোত কংগ্ৰেছী সমৰ্থক দুটা শিবিৰত বিভক্ত হোৱা কংগ্ৰেছে সুবৰ্ণ সুযোগ পোৱাৰ পাছতো বটদ্ৰৱা আঞ্চলিক পঞ্চায়ত গঠনৰ কৰিবলৈ ব্যৰ্থ হোৱাৰ উপক্ৰম ঘটিছে৷
কংগ্ৰেছদলৰ গৌতম-শিৱা পন্থীৰ মাজত চলি থকা এই অৰিয়াঅৰিৰ পূৰ্ণ সুযোগ এতিয়া গ্ৰহণ কৰিছে শাসকীয় বি জে পিয়ে৷ জানিব পৰা মতে, আঞ্চলিক পঞ্চায়তটোত মাত্ৰ দুটাহে সদস্য পদ দখল কৰা বি জে পিয়ে আঞ্চলিক পঞ্চায়তটো গঠন কৰাৰ কাৰণে কূটিল ৰাজনীতিত লিপ্ত হৈছে৷
ইয়াৰ অংশ হিচাপে ধন বল প্ৰযোগ কৰিছে শাসকীয় দলটোৱে৷ বৰ্তমান গুৰিয়াল বিহীন কংগ্ৰেছৰ নিৰ্বাচিত সদস্যসকলক নিজৰ দললৈ অনাৰ লক্ষ্যৰে বুজন অংকৰ নগদ ধন পুৰস্কাৰ হিচাপে দিয়াৰ লগতে আগন্তুক কাৰ্যকালত সকলোকে নুন্যতম এক কোটি টকাৰ আঁচনিৰ সুবিধা প্ৰদানৰ লোভনীয় অফাৰ দিছে বি জে পি শিবিৰে ৷ আশ্বৰ্যজনকভাৱে শূন্য সহনশীলতাৰ কথা কোৱা বি জে পি দলৰ স্থানীয় বিধায়িকা আঙুৰলতা ডেকাৰ প্ৰত্যক্ষ নিৰ্দেশত কংগ্ৰেছৰ নিৰ্বাচিত সদস্যসকলক যিকোনো মূল্যৰ বিনিময়ত বি জে পিৰ শিবিৰলৈ অনাৰ কামফেৰা সম্পূৰ্ণ কৰিবৰ বাবে দিন-ৰাতি একাকাৰ কৰিছে বটদ্ৰৱা উন্নয়ণ খণ্ডৰ বিডিঅ'ৰ নেতৃত্বত দুগৰাকী কনিষ্ট অভিযন্তাই৷
বিশ্বস্ত সূত্ৰৰপৰা জানিব পৰা মতে ইতিমধ্যে দুজনকৈ কনিষ্ঠ অভিযন্তাই নিশা ঘৰে ঘৰে গৈ একাংশ কংগ্ৰেছী কাউঞ্চিলাক মুকলিকৈ যাচিছে নগদ ধন আৰু কামৰ অফাৰ৷ শেহতীয়াভাৱে আনকি একমাত্ৰ নিৰ্দলীয় সদস্যগৰাকীৰ লগতে বিলতীয়া আৰু কান্ধুলীমাৰী পঞ্চায়তৰ কংগ্ৰেছ দলৰ আঞ্চলিক সদস্য দুগৰাকীয়ে বি জে পিৰ প্ৰস্তাৱত সন্মতি দিয়া বুলি লগতে সূত্ৰটোয়ে দাবী কৰিছে৷
সেই হ'লে নিজৰ দুজন, নিৰ্দলীয় এজন আৰু কংগ্ৰেছৰ সন্মতি দিয়া দুজনসহ পাচঁজন সদস্য নিজৰ ফলিয়া কৰিবলৈ সক্ষম হৈছে বি জে পি ৷ ইয়াৰ পাছতো যদি কংগ্ৰেছী শিবিৰে লবী ৰাজনীতিতে ব্যস্ত থাকে তেন্তে দুই এদিনতে বাকী প্ৰযোজনীয় সদস্য যোগাৰ কৰি বি জে পি দলে বটদ্ৰৱা আঞ্চলিক পঞ্চায়তটো গঠন কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে৷
সি যি কি নহওক বটদ্ৰৱা আঞ্চলিক পঞ্চায়ত গঠনৰ বাবে বি জে পি দলটোৰ লগত চৰকাৰী বিষয়া-অভিযন্তা আদি মুকলিভাৱে 'ঘোঁড়া কিনা' কামত জড়িত হোৱা বিষয়টোৱে বৰ্তমান তীব্ৰ চৰ্চা লাভ কৰিছে বটদ্ৰৱাত৷ আগন্তুক সংসদীয় নিৰ্বাচনলৈ মাত্ৰ কেইমাহমান বাকী থকা অৱস্থাত লবীকেন্দ্ৰীক ৰাজনীতিৰ চূড়ান্ত ৰূপ পোৱা বটদ্ৰৱা সমষ্টিত এনে পৰিস্থিতি অব্যাহত থাকিলে আঞ্চলিক পঞ্চায়তটো বি জে পি দখললৈ যোৱাই নহয় অনাগত সময়ত কংগ্ৰেছী নেতা-সমৰ্থক সকলো অন্য দলীয় মুখী হোৱাৰ সম্ভাৱনাই প্ৰকট হৈ পৰিছে৷