
নগাঁওঃ সম্প্ৰতি সমগ্ৰ ৰাজ্যজুৰি চলি আছে পৰীক্ষাকেন্দ্ৰীক চৰম ব্যস্ততা৷ পুৰাদ্দমে প্ৰস্তুতি চলিছে বিভিন্ন স্তৰৰ গুৰুত্বপূৰ্ণ পৰীক্ষাবোৰৰ৷ এক কথাত বৰ্তমান ৰাজ্যত অব্যাহত আছে পৰীক্ষাৰ বতৰ৷ উল্লেখ্যযে, চলিত মাহৰ দ্বিতীয় সপ্তাহৰপৰা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাসমূহ একেলগে অনুষ্ঠিত হ’ব৷ তদুপৰি আছে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু স্নাতক পৰ্যায়ৰ বিভিন্ন স্তৰৰ পৰীক্ষাসমূহ৷
কাজেই,ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অধ্যয়ণক লৈ বৃদ্ধি পাইছে পৰীক্ষাকেন্দ্ৰীক অপৰিসীম ব্যস্ততা৷ বিদ্যালয় অথবা মহাবিদ্যালয়ৰ এই স্তৰসমূহ সুকলমে পাৰ কৰিব পাৰিলেহে অৰ্থাৎ এই পৰীক্ষাবোৰত এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ’লেহে ছাত্ৰ-ছাত্ৰীসকলে এটা নিৰ্দিষ্ট লক্ষ্যৰে উচ্চ শিক্ষা গ্ৰহণৰ বাবে অগ্ৰসৰ হ’ব পাৰে৷ সেয়ে এই পৰীক্ষাত অৱৰ্তীণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ বহুদিনৰ আগৰে পৰা এটি খুব ভাল ফলাফল লাভৰ আশাৰে যুদ্ধংদেহী মনোভাবেৰে মনপুতি পঢ়া-শুনা কৰি পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰি তোলে৷
কোৱা বাহুল্য মাথোন, সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ কাৰণে খুব মনোযোগেৰে অধ্যয়ন কৰি নিজকে সাজু কৰাৰ লগতে প্ৰস্তুতি অব্যাহত ৰাখিছে যদিও নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ গ্ৰামাঞ্চলত বস-বাস কৰা পৰীক্ষাৰ্থীসকলে নানা সমস্যাৰ মাজত ককবকাই থাকি পৰীক্ষাক লৈ প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে৷ প্ৰধানকৈ, জিলাখনৰ বেবেজীয়া, জাজৰি, হাতীচোং, ৰাইদঙীয়া, কাছমাৰীকে প্ৰমুখ্য কৰি ইয়াৰ পাৰ্শ্বৱৰ্তী গ্ৰামাঞ্চলসমূহৰ ঠায়ে ঠায়ে বিগত এপষেকমানৰপৰা অখণ্ড ভাগৱত পাঠ আৰু নাম-কীৰ্তন আদি অনুষ্ঠিত কৰি অহাটোয়ে পৰীক্ষাৰ্থীসকলৰ অধ্যয়নত বিৰূপ প্ৰভাব পেলোৱাৰ গুৰুত্বৰ অভিযোগ উঠিছে৷
কিয়নো দিনে-নিশাই অবিৰতভাবে মাইকত উচ্চস্তৰত ধ্বনিত হৈ থকা ভাগৱত পাঠ আৰু নাম-কীৰ্তনৰ সুৰে এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টিৰে পৰীক্ষাৰ্থীসকলৰ পঢ়া-শুনাত স্বাভাবিকতেই ব্যাঘাট জন্মাইছে৷ প্ৰকৃততে ভাগৱত পাঠ বা নাম-কীৰ্তন অনুষ্ঠিত কৰাত বাধা নাই যদিও পৰীক্ষাৰ্থীসকলৰ অধ্যয়নৰ প্ৰতি গুৰুত্ব দি মাইক নবজাই সম্পূৰ্ণ শান্তি পৰিবেশৰ মাজেৰে ধৰ্মীয় পৰম্পৰা অটুট ৰাখি এনে ধৰ্মীয় কাৰ্যসূচী ৰূপায়ণ কৰিলে পৰীক্ষাৰ্থীসকলে তেনে সমস্যাত পৰিবলগা নহ’য় বুলি সচেতন লোকসকলে মত ব্যক্ত কৰিছে৷