newsnextone.com | নগাঁওঃ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁও জিলাৰ তিনিজনকৈ শিক্ষাৰ্থীয়ে ৰাজ্যৰ ভিতৰত প্ৰথম দহটা স্থানত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ নগাঁও চহৰৰ কাৱৈমাৰীস্থিত নগাঁও খ্ৰীষ্টজ্যোতি স্কুলৰ পৰা বিগত বৰ্ষৰ দৰে এইবাৰো এগৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে৷ 

ৰাজ্যৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হোৱা মেধাবী ছাত্ৰীগৰাকী হৈছে ৰাজশ্ৰী নন্দিনী কাকতি৷ কৃৰ্তীমানে আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ মুঠ ৫৯০ নম্বৰ লাভ কৰিছে৷ 

তদুপৰি ৰহাৰ প্ৰাঞ্জল মেম’ৰিয়েল একাডেমীৰ পৰা ভাৰ্গৱজ্যোতি দাস আৰু নিলবাগান জাতীয় বিদ্যালয়ৰ পৰা নায়ীমা ফিৰদৌৰ বৰভূঞাই প্ৰত্যেকেই আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ মুঠ ৫৮৪ নম্বৰ অৰ্জন কৰি ৰাজ্যৰ ভিতৰতে দশম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ 

এই তিনিগৰাকী কৃৰ্তীমানৰ এনে ঈষণীয় সাফল্যত সমগ্ৰ নগাঁও জিলাতে উছাহৰ ঢল বৈছে৷ এইবাৰ নগাঁও জিলাত উত্তীৰ্ণৰ হাৰ বিগত বৰ্ষতকৈ নিম্নগামী হৈছে৷ পূৰ্ব বৰ্ষত উত্তীৰ্ণৰ আছিল ৪৯.৬১শতাংশ৷ 

কিন্তু এইবাৰ উত্তীৰ্ণৰ হাৰ যোৱা বাৰতকৈ কমি হ’ল ৪৮.৬০ শতাংশ৷ এইবাৰ জিলাখনৰ পৰা পৰীক্ষাত অবৰ্তীণ হোৱা মুঠ ২৩৮৯০ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১১৬১০ গৰাকীয়ে কৃতকাৰ্যতা লাভ কৰে৷ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৪২৬১ গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৪৭৯০ গৰাকীয়ে দ্বিতীয় আৰু ২৫৫৯ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷