নগাঁওঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বাতিলৰ দাবীত শনিবাৰে নগাঁও জিলাৰ বৃহত্তৰ জাজৰি অঞ্চলৰ গৰিয়া-মৰীয়া-দেশী জাতীয় পৰিষদৰ জাজৰি আঞ্চলিকৰ উদ্যোগত এক বিশাল জোঁৰ সমদল উলিওৱা হয়।

সন্ধ্যা ৫.৩০ বজাত জাজৰিৰ বৰ মছজিদৰপৰা আৰম্ভ হোৱা জোৰ সমদলটো জাজৰি বাছ আস্থান হৈ দলৈ গাঁৱেদি প্ৰায় দুই কিমি পথ পৰিভ্ৰমণ কৰি  চৰকাৰ বিৰোধী ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী দলটোত জাজৰি আঞ্চলিক শাখা সাহিত্য সভাৰ প্ৰতিনিধিৰ লগতে জাজৰি অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে৷