
নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ জামুগুৰিৰ ঐক্য-সংহতিৰ চিন স্বৰূপ ঐতিহাসিক সাৰ্বজনীন গৰখীয়া থান৷ পৰম্পৰা বিশ্বাসেৰে এই থানত ভক্তই নৈবদ্য আগবঢ়ালে মনোবাঞ্চা পূৰণ হোৱা বুলি যুগ যুগ ধৰি প্ৰচাৰ হৈ আহিছে৷
যাৰ ফলত থান খনলৈ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম ঘটে৷ থান পৰিচালনা সমিতিয়ে প্ৰত্যেক বছৰে নানা উৎসৱ-পাৰ্বণ এই থানত উদযাপন কৰি আহিছে ৷
পৰম্পৰাগত 'শৰাইৰ এদিন আৰু গৰখীয়া সৱাহ' উৎসৱ এইবাৰো দুদিনীয়াকৈ ব্যাপক উৎসাহ-উদ্দীপনাৰে পালন কৰা হয় থানখনত ৷ থান প্ৰাংগণত অগণন ভক্তৰ সমাগমেৰে উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়৷
থানঘৰীয়া হৰেশ্বৰ নাথৰ দ্বাৰ মণিকূটত বন্তি প্ৰজ্বলনেৰে উৎসৱৰ পাতনি মেলা হয়৷ ইয়াৰ পিছতে উৎসৱ উদযাপন সমিতিৰ সভাপতি ৰাসেশ্বৰ নাথৰ দ্বৰা ধৰ্মধ্বজা উত্তোলনৰ লগতে স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে ৷
পুৱা ১০ বজাৰ পৰা পৰিবেশিত কীৰ্তন পাঠৰ অন্তত দুপৰীয়া খোল আৰু নাম-প্ৰসংগৰ দ্বাৰা থান প্ৰাংগণ মুখৰিত হৈ পৰে ৷ তদুপৰি 'ধৰ্মীয় দিশত বৰ্তমান সময়ত মহিলাৰ ভূমিকা' শীৰ্ষক বিষয়ৰ ওপৰত এটি বক্তৃতা অনুষ্ঠানো অনুষ্ঠিত কৰা হয় ৷
বিয়লিৰ ভাগত ভাগৱত পাঠৰ শুভ উদ্বোধন কৰে শংকৰী কলা-কৃষ্টিৰ সাধক বীৰেণ নাথে ৷ মেঘৰাম নাথ আৰু বিনন্দ চন্দ্ৰ বৰদলৈ পাঠাচাৰ্য হিচাপে উপস্থিত থকা অনুষ্ঠানত পাঠৰ ব্যাখ্যাৰ আসন শুৱনি কৰে চন্দ্ৰ বৰদলৈ আৰু সমীৰণ হাজৰিকাই৷
আনহাতে অন্তিম দিনা পুৱাৰ ভাগত ওৰে নিশা নিৰৱচ্ছিন্নভাৱে ভাগৱত পাঠৰে সামৰণি পৰাৰ পিছতে শৰাই উচৰ্গা, খোল-প্ৰসংগ আৰু নাম-কীৰ্তনৰ লগতে নামাচাৰ্য কৃষ্ণ বৰুৱাৰ ব্যৱস্থাপনাত আকৰ্ষণীয় মহানাম পৰিৱেশনেৰে উৎসৱৰ সামৰণি পৰে৷