নগাঁৱঃ জুৰীয়াত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰম্ভ হয়। যোৱাকালি জুৰীয়াৰ বিভিন্ন প্ৰান্তত চলি থকা অবৈধ জুৱা খেলৰ বিৰুদ্ধে জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰ্পণ শইকীয়াৰ নেতৃত্বত জুৰীয়াৰ লগতে সুঁতিৰপাৰত চৈধ্যটাকৈ জুৱাৰ ঘাটি উচ্ছেদ কৰা হয়।

এই অভিযানত আৰক্ষীয়ে জুৱা খেলত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী জব্দ কৰে৷ উল্লেখযোগ্য যে ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এই অভিযান চলাইছিল৷ আনহাতে কেইবা মাহৰ আগতে জুৱাৰী চক্ৰৰ গুলিত এজন আৰক্ষী গুলিবিদ্ধ হৈ মৃত্যু বৰণ কৰিব লগীয়া হোৱা বুলি জানিব পৰা যায়৷