
নগাঁওঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ ধিং আৰু বটদ্ৰৱাত বিভিন্ন সময়ত সংঘটিত হৈ অহা অসামাজিক কাৰ্যকলাপে বাতৰিৰ শিৰোনামা দখল কৰি অহাৰ সময়তে শেহতীয়াকৈ ম’হযুঁজৰ নামত এই অঞ্চলসমূহত চলিছে মুকলি জুৱাৰ আড্ডা।
অবিৰতভাৱে চলা এই মুকলি জুৱাৰ কৱলত পৰি সৰ্বস্বান্ত হৈছে স্কুল-কলেজৰ ছাত্রকে ধৰি বহুলোক৷ কিন্তু সকলো দেখিও চকু মুদা কুলিৰ ভাও জুৰি আছে নগাঁও জিলা আৰক্ষী প্ৰশাসনে।
উল্লেখ্য, উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা সত্ত্বেও নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে ধিং আৰু বটদ্ৰৱাত অবিৰতভাৱে অনুষ্ঠিত হৈ আছে ম’হ যুঁজ। কিন্তু এই ম’হ যুঁজৰ গইনা লৈ নিবিঘ্নে চলিছে মুকলিকৈ জুৱাৰ আড্ডা।
দিন দুপৰতে ঝাণ্ডিমুণ্ডাৰ মাধ্যমেৰে নিতৌ চলা এই জুৱা খেলত লাখ লাখ টকাৰ লেনদেন হোৱা দেখিবলৈ পোৱা গৈছে। বৰ্তমান এই দৃশ্য দেখিবলৈ পোৱা গৈছে ধিঙৰ কাজলী পথাৰ আৰু বটদ্ৰৱাৰ ভেৰভেৰিৰ পথাৰৰ ম’হযুঁজ স্থলীত। এই জুৱাত অংশগ্রহণ কৰিছে কলেজৰ ছাত্রৰ লগতে জ্যেষ্ঠসকলেও।
প্ৰাপ্ত অভিযোগ অনুসৰি, জুৱাৰী চক্ৰৰ লগত হোৱা গোপন বুজাবুজিৰে ধিং আৰু বটদ্ৰৱা আৰক্ষীৰ লগতে এজন নগাঁও আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ আৰ্শীৰ্বাদত ধিং আৰু বটদ্ৰৱাত এনেদৰেই এতিয়া মুকলিকৈ চলিছে জুৱা খেল। অকল এয়ে নহয়, ধিং কান্ধুলিমাৰি, সোণাৰি গাঁও, আহোম গাঁওকে ধৰি পশ্চিম নগাঁৱৰ প্ৰায়বোৰ ঠাইত এতিয়া এনেকৈ নিতৌ ম’হ যুঁজৰ নামত চলিছে মুকলি জুৱা।
ৰাজ্যখনত নাগৰিকত্ব সংশোধনী বিল বাতিলক লৈ পৰিস্থিতি অগ্নিগর্ভা হৈ থকা সময়ত নগাঁও আৰক্ষীৰ ছত্ৰছায়াত এনেদৰে ম’হযুঁজৰ নামত চলি থকা মুকলি জুৱাই চিন্তিত কৰি তুলিছে সচেতন মহলক। এইক্ষেত্ৰত জিলাখনত দুদিনমান পূৰ্বে আহি কাৰ্যভাৰ হাতত লোৱা নৱনিযুক্ত উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে সচেতন মহলে।