নগাঁওঃ নগাঁও জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অহা ২৩ আৰু ২৪ ডিচেম্বৰত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় গণিত দিৱস উদযাপনৰ দিহা কৰা হৈছে৷ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক বিপুল ৰাজকুমাৰে জনোৱা মতে ২৩ ডিচেম্বৰত পুৱা ৯ বজাৰপৰা ২ বজালৈ ছাত্র-ছাত্রী আৰু বিশিষ্ট ব্যক্তিৰ সন্মিলনত ভাগ ল’ব কটন কলেজৰ প্ৰাক্তন গণিত বিভাগৰ অধ্যাপক ড° তাৰকেশ্বৰ চৌধুৰী আৰু অসম বিজ্ঞান সমিতিৰ যুটীয়া সচিব মৃনাল হাজৰিকাই।

তাৰ পিছতেই অষ্টম আৰু দশম শ্ৰেণীৰ ছাত্র-ছাত্রী সকলৰ মাজত নমুনা তৈয়াৰী প্ৰতিযোগীতা আৰু প্ৰদৰ্শনীৰ লগতে গণিত কুইজ প্ৰতিযোগীতা অনুষ্ঠিত কৰা হ’ব। ২৪ ডিচেম্বৰত ৯ বজাৰ ৰা দুই বজালৈ 'গণিতৰ সৈতে ধেমালী' শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰিব তেজপুৰ বিশ্ববিদ্যালয়ৰ ড° ভীম প্ৰসাদ শৰ্মাই। 

দিনৰ ১১ বজাৰপৰা হ'বলগা কেন্দ্ৰীয় সভাত ভাগ ল’ব বিজ্ঞান প্ৰযুক্তিবিদ্যা মুখ্য বিজ্ঞানী ড° আৰ কে বৰ্মন, সঞ্চালক ড° এ কে মিশ্ৰ, ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰাজু বৰদলৈ, নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰবীন চন্দ্ৰ শৰ্মাই। 

আনহাতে, সভাখন সঞ্চালনা কৰিব কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দীপা বৰুৱাই। উক্ত গণিত দিৱসলৈ অঞ্চলৰ বিদ্যালয় সমূহৰ ছাত্র-ছাত্রী আৰু শুভাকাংশী ৰাইজৰ উপস্থিতি কামনা কৰিছে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ কৰ্মকৰ্তা সকলে।