♦ ষষ্ঠ দিনাও উদুলি-মুদুলি কলঙৰ বাকৰি নেহেৰুৱালি ♦

নগাঁওঃ নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত কলঙৰ বাকৰি নেহেৰুৱালিৰ প্ৰদীপ শইকীয়া ক্ষেত্ৰত যোৱা ৩১ অক্টোবৰৰপৰা চলি থকা উত্তৰ পূব শিশু গ্ৰন্থমেলাৰ আজি ষষ্ঠ দিনাও গ্ৰন্থপ্ৰেমীৰ উৎসাহজনক সহাঁৰি পৰিলক্ষিত হয়। গ্ৰন্থমেলাৰ বিপনীসমূহত গ্ৰন্থপ্ৰেমীসকলে নিজৰ নিজৰ পচন্দৰ কিতাপ বিচাৰি পুৱাৰেপৰা ভিৰ কৰাৰ সমান্তৰালকৈ গ্ৰন্থমেলাৰ বিভিন্ন কাৰ্যসূচীতো অংশগ্ৰহণ কৰে।
আজি পুৱা ১০ বজাৰপৰা গ্ৰন্থমেলাত চি ভি ৰমণ কনিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত ’ভূপেন হাজৰিকাৰ গীত আৰু সুৰ’ শীৰ্ষক আলোচনা-চক্ৰ অনুষ্ঠিত হয়। হেমকান্ত হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনা-চক্ৰখনিত সাহিত্যিক ৰতিমোহন নাথ, বসন্তকৌশিক ভাগৱতী বক্তা হিচাপে অংশগ্ৰহণ কৰি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীত আৰু কবিতাৰ আলোকপাত কৰে।
ইয়াৰ পাছত অসম কবি সন্মিলনৰ নগাঁও জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় কবি সন্মিলন। কবি লক্ষেশ্বৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত আৰু কবি শিৱপ্ৰসাদ বৰাই আঁত ধৰা কবি সন্মিলনখনি উদ্বোধন কৰে বিশিষ্ট কবি তথা অসম উপত্যকা সাহিত্য বঁটা প্ৰাপক সমীৰ তাঁতীয়ে। সন্মিলনখনি উদ্বোধন কৰি কবি সমীৰ তাঁতীয়ে কয় যে কবিতাত শব্দৰ গুৰুত্ব আছে। যাক ভাৰতীয় সাহিত্যত কোৱা হয় শব্দ ব্ৰহ্ম। কবিতাৰ আৰম্ভণী হয় পোহৰৰ প্ৰাৰ্থনাৰে। প্ৰাৰ্থনাও আহিছে ধ্বনিৰপৰা। লগতে তেওঁ আৰু কয়, কবিতা সামাজিক কাৰ্যকলাপৰ মূল হিচাপে চিহ্নিত হৈছে। কবিতাৰ পিতৃ হৈছে সূৰ্য আৰু মাতৃ হৈছে প্ৰকৃতি। কবিতাই সামাজিক দায়িত্ব পালন কৰিব লাগে। কবিতাই সৌন্দৰ্যৰ কথা কোৱাৰ উপৰি শ্ৰম, পথাৰ আদিৰ কথাও কয়। কবিতাই মানুহৰ জীৱনত এৰাব নোৱাৰা ভূমিকা পালন কৰি আহিছে বুলি উল্লেখ কৰি তাঁতীয়ে কয় যে সম্প্ৰতি আমাৰ সমাজ ভাৰাক্ৰান্ত। গণতন্ত্ৰ আছে বুলি কওঁ যদিও ভিতৰি ভিতৰি গণতান্ত্ৰিক ব্যৱস্থা বিধ্বস্ত হৈ পৰিছে। এই ক্ষেত্ৰত কবিতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। মানুহৰ জীৱন শৈলী যেতিয়ালৈকে থাকিব তেতিয়ালৈকে কবিতা জীয়াই থাকিব।
কবি সন্মিলনখনত কবি ডাঃ প্ৰয়াগ শইকীয়া, কৰুণা কান্ত বৰ্মন, ৰেনু মহন্ত, বিপুল শৰ্মা, প্ৰদীপ শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে। এই কবি সন্মিলনখনতেই সুধাকন্ঠৰ কেইবাটাও কালজয়ী গীত পৰিৱেশন কৰি তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। বিয়লি ৪ বজাতৰপৰা নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত ’একাঁজলি শ্ৰদ্ধাঞ্জলি’ শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি নিত্যানন্দ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত সুধাকণ্ঠ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনাই গীত, কবিতা আৰু নৃত্যৰে মুখৰিত কৰি তোলাৰ লগতে কেইবাজনো বক্তাই ভূপেন হাজৰিকাৰ সৃষ্টি আৰু জীৱনৰ সন্দৰ্ভত আলোকপাত কৰে। নগাঁও জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক মৃণাল কুমাৰ হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানত সুবক্তা তথা অধ্যাপক মোহিনী মোহন ডেকা, সাহিত্যিক নাথ, কবি পৰাণ কুমাৰ বৰুৱা, জগনাথ মহন্ত আদিয়ে অংশগ্ৰহণ কৰে।
সন্ধিয়া সুধাকন্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গ্ৰন্থমেলাত অনুষ্ঠিত হয় বিশেষ মুকলি কুইজ। বিষ্ণুৰাম মেধিয়ে পৰিচালনা কৰা এই বিশেষ কুইজত সুধাকন্ঠৰ জীৱন আৰু কৰ্মৰাজি বিষয়ক প্ৰশ্নবাণ নিক্ষেপ কৰা হয়। এই মুকলি কুইজৰ পাছতেই নগাঁৱৰ অগ্ৰনী শিক্ষানুষ্ঠান লয়লা ইংলিচ মিডিয়াম স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলকৰদ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়।