♦ নিবিঘ্নে চলিছে চোৰাং চিকাৰীৰ দৌৰাত্ম

জয়ন্ত মুদৈ,নগাঁওঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তত থকা বিল-জলাশয়, নদ-নদী আদিত শীতৰ আগমনৰ লগে লগে বিশেষকৈ অক্টোবৰ মাহৰ শেষৰপৰা দেশী-বিদেশী নানান প্ৰজাতিৰ পক্ষীৰ আগমন ঘটে।
বিশেষকৈ শৰালি হাঁহ, ঘিলা হাঁহ, ঢেকৰ, কাম চৰাই, শামুকভঙা, হাড়গিলা, বগলী, কণামুছৰি, পানী কাউৰী, দেও ৰাজহাঁহ, ধৃতৰাজ আদিৰ উপৰিও সাত সাগৰ তেৰ নদী পাৰ হৈ সুদূৰ নিউজিলেণ্ড, ছাইবেৰীয়া, থাইলেণ্ড, ইণ্ডোনেছিয়া আদিৰপৰাও বহু প্ৰজাতিৰ পক্ষী আহি এই বিল-জলাশয়বোৰত বিচৰণ কৰা দেখা যায়।
জাক জাক এই পক্ষীকূলৰ এনে মুক্ত বিচৰণৰ বাবে উক্ত অঞ্চলবোৰত এতিয়া ৰাইজে বিনন্দীয়া নৈসৰ্গিক পৰিৱেশ উপভোগ কৰাৰো সুবিধা পাইছে। উল্লেখ্য যে, এনেদৰে পৰিভ্ৰমী পক্ষীৰ আগমনৰ লগে লগে বিশেষকৈ কুঁজি বিল, ৰৌমাৰী বিল, সোনাইবেৰা বিলৰ দাঁতিকাষৰীয়া আহোমগাঁও, ৰৌমাৰী, ধনীয়াভেটি, ভেৰভেৰী, গৰৈমাৰী, গৰিয়া কাৱৈমাৰি, বগৰিগুৰি,বৰভেটি, সৰু কুঁজিপাৰ আদি পথাৰসমূহত অবাধে চলে চোৰাং চিকাৰীৰ চৰাই নিধন কাৰ্য।
বিশ্বস্ত সূত্ৰৰ তথ্য অনুসৰি, বনৰীয়া চৰাই ধৰিবলৈ চিকাৰীয়ে শেষ নিশা দুই বজাৰপৰা চাৰি বজাৰ ভিতৰত লগত পোহনীয়া শৰালি নাইবা কাম চৰাই লৈ যায় আৰু সিহঁতক পথাৰত এৰি দি ওচৰতেই বিশেষ পদ্ধতিৰে তৈয়াৰী ৰছীৰ ফান্দ পাতি থয়।
আনহাতে আন একাংশই অতি চতুৰালি বাবে 'মেমৰী কাৰ্ড'ত বনৰীয়া চৰাইৰ মাত ডাউনলোড কৰি পথাৰসমূহত নিশাতো বজাই থাকে। এনেদৰে পথাৰসমূহত পোহনীয়া চৰাইৰ মাত শুনি পৰিভ্ৰমী চৰাইসমূহে নিজৰ গোত্ৰীয় চৰাইৰ জাক আছে বুলি ভাবি ওপৰেদি উৰি যোৱা চৰাইবোৰ পথাৰলৈ নামি আহে আৰু চিকাৰীয়ে পাতি থোৱা ফান্দবোৰত অতি সহজেই বন্দী হৈ পৰে।
পাছত চোৰাং চিকাৰীহঁতে অতি সংগোপনে এই চৰাইসমূহ চৰা দামত বিক্ৰী কৰি মুনাফা লুটে। কাজেই, এনেদৰে নিতৌ বহু পৰিভ্ৰমী চৰাই দুস্কৃতিকাৰীৰ নৃশংসতাৰ বলি হ'বলগীয়া হোৱাটো পৰিতাপৰ বিষয় হিচাপে চিহ্নিত হৈছে। উক্ত অঞ্চলসমূহত গঢ় লৈ উঠা চোৰাংচিকাৰীৰ এনে দুষ্কাৰ্য ৰুধিবলৈ কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ বাবে জিলা প্ৰশাসন তথা বন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক সচেতন মহলে দাবী জনাইছে।