
নগাঁওঃ শনিবাৰে অৰুণাচলৰ টিপিত বনভোজ খাবলৈ গৈ কামেং নদীত সন্ধানহীন হোৱা নগাঁও জিলাৰ ধিঙৰ বিশাল সূত্ৰধৰ নামৰ যুৱকজনৰ ২৪ ঘণ্টা অতিক্ৰম হৈ যোৱাৰ পাছতো কোনো সন্ধান উলিয়াব পৰা নাই টিপিৰ আৰক্ষীৰ লগতে অৰুণাচলৰ এছ ডি আৰ এফে৷
উল্লেখ যে, ধিঙৰপৰা অৰুণাচলৰ টিপিত নতুন বছৰ উপলক্ষে এটি ২০-২৫ জনীয়া কিশোৰ-কিশোৰীৰ দল এটাই বনভোজ খাবলৈ বুলি গৈছিল৷ তাতে টিপিৰ কামেং নদীত গা ধুবলৈ নামোতেই নদীৰ কোবাল সোঁতে উটুৱাই লৈ গৈছিল বিশাল সূত্ৰধৰ নামৰ ধিঙৰ যুৱকজনক৷
প্ৰায় চাৰি ঘণ্টা সময় টিপিৰ আৰক্ষী আৰু স্থানীয় লোকে কামেং নদীৰ ঘটনাস্থলীত অভিযান চলাই অসফল হোৱাৰ পাছত আজি পুনৰ স্থানীয় আৰক্ষীৰ লগতে এন ডি আৰ এফেও অভিযান চলাইছিল যদিও বিশালক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল৷
আজি পুৱাৰপৰা বিয়লি ৪ বজা পৰ্যন্ত ঘটনাস্থলীৰপৰা নদীখনৰ প্ৰায় ২৫ কিল’মিটাৰ দূৰলৈকে উদ্ধাৰকাৰী দলে অভিযান চলাই যুৱকজনৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ’ল৷ ধিঙৰ ৰাজ মেডিকেলৰ কৰ্মচাৰী তথা অতি অমায়িক স্বভাৱৰ বিশাল সূত্ৰধৰৰ এই অনাকাংক্ষিত দুৰ্ঘটনাটোত অঞ্চলটোৰ ৰাইজ ম্ৰিয়মাণ হৈ পৰিছে৷