
নগাঁওঃ মঙলবাৰে নিশা নগাঁও জিলাৰ মহখুলিত এঘৰ লোকৰ ঘৰত ৰহস্যজনক ভাৱে অগ্নিকাণ্ড সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ জানিব পৰা মতে, মঙলবাৰে মহখুলিত এঘৰ লোকৰ ঘৰত বোমা বিস্ফোৰণ সদৃশ প্ৰকাণ্ড শব্দ ওলাই৷ লগে লগে অঞ্চলটোত হুৱাদুৱা লাগে৷ যিয়ে যেনেকৈ পাৰে ঘৰৰ পৰা ওলাই শব্দ উৎস বিচাৰিবলৈ আৰম্ভ কৰে৷
তাৰ পিছতেই গাঁও খনৰ এটা মূৰে ইনচান আলী নামৰ লোকজনৰ ঘৰত জুই জ্বলিব ধৰা প্ৰত্যক্ষ কৰে৷ ততাতৈয়াকৈ একাংশ লোকে জুই নুমাবলৈ চেষ্টা কৰে যদিও ইনচান আলীৰ আই-২০ গাড়ীৰ লগতে পৰিয়ালটোৰ বিস্তৰ ক্ষতিসাধন হয়৷ আনহাতে আকবৰ আলী নামৰ লোক জন আহত হয়৷
একাংশ লোকে ইয়াক বিস্ফোৰণ কাণ্ড বুলি কব খোজে যদিও এতিয়ালৈ থিৰাং হোৱা নাই কি বিস্ফোৰণ হৈছিল৷ প্ৰকাণ্ড শব্দৰ উৎস এতিয়ালৈ ওলোৱা নাই৷ দুৰ্বৃত্তই গ্ৰেনেড নিক্ষেপ কৰা বুলি অভিযোগ কৰে পৰিয়ালটোৱে। কিন্তু নগাঁও আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈ বিস্ফোৰণৰ কথা স্পষ্ট কৰা নাই৷