♦ চাৰিজনৰ বিৰুদ্ধে গোচৰ ৰুজু

নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰীত ম’বাইল চুৰি কৰাৰ সন্দেহত দুজন কিশোৰৰ ওপৰত মৰেল পুলিচগিৰি চলাই ৰছীৰে বান্ধি মাৰপিট কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, জামুগুৰি গাঁৱৰ বাহাৰুল ইছলাম নামৰ এজন কিশোৰক ম’বাইল চুৰি কাৰ্যত জড়িত থকাৰ অভিযোগত প্ৰথমে ৰছীৰে বান্ধি মাৰপিট কৰাৰ লগতে আন এজন ছাত্ৰক মাৰপিট কৰাৰ দৃশ্যই সকলোৰে চকু কপালত তুলিছে।
প্ৰাপ্ত তথ্য মতে, যোৱা বৃহস্পতিবাৰে শেষ নিশা প্ৰায় ৩ বজাত বটদ্ৰৱাৰ শান্তিজান বজাৰস্থিত চাহ দোকানৰপৰা জামুগুৰি গাঁৱৰ নিবাসী আবুল কৰিমৰ পুত্ৰ তথা শিমলুআটি মে’মৰিয়েল জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ আজাহাৰুল ইছলামক শোৱাপাটিৰপৰা এটি চাৰিজনীয়া দলে হিন্দী ছবিৰ ভিলেইনৰ দৰে জোৰ-জুলুম কৰি উঠাই লৈ যায়।
লোককেইজনে বাটমাৰী গাঁৱৰ ফইজুদ্দিনৰ ঘৰত কিশোৰ ছাত্ৰজনক পুৱা আঠ বজালৈকে দুহাতত ৰছীৰে বান্ধি ৰখাৰ লগতে শৰীৰৰ বিভিন্ন অংগত আঘাত কৰে। পুত্ৰৰ এনে অমানৱীয় অত্যাচাৰৰ কথা গম পাই আবুল কৰিমে লগে লগে বটদ্ৰৱা আৰক্ষী থানাত খবৰ দিয়ে।
বটদ্ৰৱা আৰক্ষীয়ে পুৱা প্ৰায় আঠটা বজাত ৰছীৰে বান্ধি থোৱা অৱস্থাত বাটমাৰী গাঁৱৰ ফইজুদ্দিনৰ ঘৰৰপৰা কিশোৰ দুজনক উদ্ধাৰ কৰি আনে।
ইপিনে ভূৱা ম’বাইল চুৰিৰ সন্দেহত অমানৱীয়ভাৱে অত্যাচাৰ কৰা কাৰ্যত জড়িত থকাৰ অভিযোগত কিশোৰজনৰ পিতৃ আবুল কৰিমে বাটমাৰী গাঁৱৰ আকবৰ আলী, মাইনুদ্দিন, চুলতান আৰু ফইজুদ্দিনৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
বটদ্ৰৱা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪৫৭, ৩২৫, ৩৪২/৩৪ ধাৰাত ৪৫/১৯ নম্বৰত এটি গোচৰ ৰুজু কৰি বৰ্তমান তদন্ত আৰম্ভ কৰিছে। কাজেই অতিকে দৰিদ্ৰ পৰিয়ালৰ আজাহাৰুল ইছলামে লিখা-পঢ়াৰ লগতে পিতৃক চাহৰ দোকানত সহায় কৰি অহা কিশোৰজনক চোৰ সজাই মাৰপিট কৰা ঘটনাই একে মুখে ধিক্কাৰ দিছে বিভিন্ন জনে।
উল্লেখ্য যে, কিশোৰ ছাত্ৰজনক মাৰপিট কৰি বান্ধি ৰখা কাৰ্যত জড়িত আকবৰ আলী নামৰ ব্যক্তিজন এখন চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক।