নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বৰকলাৰ সু-সন্তান বিশিষ্ট কবি, সাহিত্যিক তথা আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ড° নন্দ সিং বৰকলালৈ আগবঢ়োৱা হৈছে সৰ্বভাৰতীয় সুব্ৰমনিয়াম ভাৰতী বঁটা৷ 

উত্তৰ প্ৰদেশ কৰ্মচাৰী সংস্থাই তেওঁৰ কৰ্মৰাজিৰ স্বীকৃতিস্বৰূপে এইবাৰ আগবঢ়াইছে এই সন্মান৷ অহা ১৭ মাৰ্চত উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব এই বঁটা৷ এই বঁটাত আছে স্মাৰক, গ্ৰন্থ, প্ৰশস্তি পত্ৰ, অংগ বস্ত্ৰ আদিৰ লগতে নগদ এক লাখ টকা৷

উল্লেখ্য যে, খুব কম সময়ৰ ভিতৰতে সাহিত্য ক্ষেত্ৰখনত নিজৰ পাৰদৰ্শিতাৰ বলত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা ড° নন্দ সিং বৰকলাই অসম আৰক্ষীৰ উচ্চ পদত অধিস্থিত থাকি চাকৰিৰ অতি ব্যস্ততাৰ মাজতো নিৰৱচ্ছিন্নভাৱে সাহিত্য আৰু কাব্য চৰ্চাত বৰ্তী হৈ আহিছে৷

তেওঁ ইতিমধ্যে কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ বিপৰীতে বিভিন্ন কাকত আৰু আলোচনীত নিয়মীয়াকৈ কবিতা আৰু ভিন্ন বিষয়ৰ তত্ত্বগধুৰ লেখা লিখি  আহিছে৷ এইদৰে ৰাষ্ট্ৰীয় সাহিত্য সন্মান বুটলিবলৈ সক্ষম হোৱাৰ বাবে বৰকলাবাসী স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰাৰ লগতে ড° নন্দ সিং বৰকলাৰ প্ৰতি সকলোয়ে কৃতজ্ঞতা জনাইছে৷