13
Nov
2018
বাতৰিটো শেহতীয়াকৈ আপডেট কৰা হৈছে

নগাঁওঃ নগাঁৱৰ তেলীয়াগাঁৱৰ এঘৰৰ চুৱা পাতনিত উদ্ধাৰ হোৱা জীৱিত নৱজাতকটিৰ পাষাণ মাতৃৰ সন্ধান পোৱা গৈছে।
মণিৰাম নাথ নামৰ লোকজনৰ ঘৰৰ চুৱা পাতনিত উদ্ধাৰ হৈছিল এই নৱজাতকটি। ক্ৰন্দন শুনি নৱজাতকটিক উদ্ধাৰ কৰি গাঁওবুঢ়াৰ উপস্থিতিত আৰক্ষীক চমজাই দিয়ে মণিৰাম নাথৰ পৰিয়াল আৰু প্ৰতিৱেশী একাংশ লোকে।
আৰক্ষীৰ জিম্মাত আছে নৱজাতকৰ মাতৃ। দিপালী দাস নামৰ মহিলাগৰাকীয়ে স্বীকাৰ কৰিছে সন্তানটো নিজৰ বুলি। অবৈধ মাতৃত্বৰ চেকা আঁতৰাবলৈ তেওঁ নিৰ্মমভাৱে নৱজাতৰটিক নিক্ষেপ কৰিছিল বাঁহনিলৈ।
সন্তানটোৰ পিতৃ চাপৰমুখৰ অজয় দাস বুলি দিপালী দাসে স্বীকাৰ কৰিছে। অজয় দাস কেৰেলাত কৰ্মৰত বুলি জানিব পৰা গৈছে । ৰহাৰ দিপালী দাস তেলিয়াগাঁও মাজৰআটিৰ এটি ছাত্ৰীনিৱাসত আছিল।