নগাঁওঃ সমগ্ৰ ৰাজ্যতে মঙলবাৰৰপৰা অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ প্ৰাকক্ষণত নগাঁও জিলাৰ ৰহা মহাবিদ্যালয়ত লাগে হুৱাদুৱা৷ পৰীক্ষা আৰম্ভ হ’বলৈ কিছুসময় থকা অৱস্থাতে সৃষ্টি হয় এই অনাহুত পৰিস্থিতি৷

পৰীক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত কেৱল এটাই শব্দ 'অজিত নাই, অজিত নাই'৷ (নামটো সলাই দিয়া হৈছে।) এই কথা কাণত পৰিল মহাবিদ্যালয়ৰ অধ্যক্ষৰ৷ সকলোৱে পৰীক্ষাকেন্দ্ৰৰ সকলোতে বিচাৰ-খুচাৰ কৰিও নাপালে অজিতক৷ কিন্তু ক’লৈ গ’ল অজিত? পৰীক্ষা আৰম্ভ হ’বৰ হ’লেই যদিও অজিত যে অহা নাই!

লগে লগে অজিতৰ ঘৰত খবৰ লোৱাতহে ওলাল উৰহি গছৰ ওৰ৷ অৱশেষত সকলোৰে উৎকণ্ঠা নোহোৱা হ’ল যদিও অজিতৰ সিদ্ধান্তইহে সকলোকে কৰিলে আচৰিত৷ প্ৰকৃততে সকলোৰে উৎকণ্ঠাৰ কেন্দ্ৰ বিন্দু 'অজিত’ হৈছে এগৰাকী পৰীক্ষাৰ্থী৷

আজিৰেপৰা অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক কলা শাখাৰ পৰীক্ষাৰ্থী৷ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান অজিত অতি মেধাৱী ছাত্ৰ৷ ৰহা মহাবিদ্যালয়ৰ ছাত্ৰ অজিতক লৈ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী সকলোৰে বহু আশা৷ এইবাৰৰ পৰীক্ষাত অজিতে সাংঘাটিকভাৱে ভাল ফলাফল দাঙি ধৰিব৷ সেয়ে আজি পৰীক্ষাকেন্দ্ৰলৈ পৰীক্ষা দিবলৈ নাহি অজিতে ঘৰতে থকাৰ বাবেই পৰীক্ষা কেন্দ্ৰটোত সকলোৰে মাজত হুৱাদুৱা লাগে৷

জানিব পৰা মতে, মেট্ৰিকত ডিষ্টিংচনসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অজিতৰ লক্ষ্য আছিল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত স্থান লাভ কৰাৰ৷ সেয়ে খুব মনপুতি একাগ্ৰতাৰে পঢ়া-শুনা কৰিছিল নিয়মীতৰূপত। কিন্তু এনেদৰে যুদ্ধংদেহী মনোভাবেৰে অধ্যয়ন কৰিও আজি পৰীক্ষা দিবলৈ নহা সন্দৰ্ভত যি কথা মেধাৱী ছাত্ৰজনে অৱগত কৰিলে তাক লৈ এতিয়া সকলোৰে মাজত বেছ চৰ্চা চলিছে৷

মেধাৱী ছাত্ৰজনে ব্যাপকভাৱে পৰীক্ষালৈ প্ৰস্তুতি চলাইছিল যদিও এটা বিষয়ত পঢ়া সম্পূৰ্ণ নোহোৱাৰ বাবেই পৰীক্ষাত নবহাৰ সিদ্ধান্ত লয় ছাত্ৰজনে৷ তেওঁ সকলোকে স্পষ্টকৈ কয় যে তেওঁ সকলোকেইটা বিষয়তে লেটাৰ মাৰ্ক লাভ কৰিবৰ বাবে প্ৰস্তুতি চলাইছিল যদিও অৱশেষত এটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম নহ’ব বুলি নিশ্চিত হোৱাৰ বাবেই এইবাৰ পৰীক্ষাত নবহাৰ সিদ্ধান্ত লয়৷

যিহেতু তেওঁ সমাজ তথা অঞ্চলৰ কথা ভাবি অসমৰ ভিতৰত স্থান লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছিল গতিকে এইবাৰৰ পৰীক্ষাত তেওঁ তেনে লক্ষ্য পূৰণ নহ’ব বুলি অনুভৱ কৰিয়েই কাকো এই কথা অৱগত নকৰি পৰীক্ষালৈ নগৈ ঘৰতে থকাৰ সিদ্ধান্ত লয় বুলি লগতে উল্লেখ কৰে৷

কাজেই, অতি মেধাবী এই ছাত্ৰজনৰ এনে সিদ্ধান্তই সকলোকে হচকিত কৰি তোলাৰ বিপৰীতে এয়া নৱ প্ৰজন্মৰ বাবে এক আদৰ্শ বুলি সচেতন লোকসকলে মন্তব্য কৰিছে। কিয়নো যি সময়ত অধিকাংশ ছাত্ৰ-ছাত্ৰীয়েই কেৱল মাত্ৰ পৰীক্ষাত নম্বৰ পাবৰ বাবেই অধ্যয়ণ কৰাৰ মানসিকতা গঢ়ি উঠিছে, তেনে সময়তে সমাজ আৰু অঞ্চলৰ কথা ভাবি উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম নহ’ব বুলি জানিয়েই এইবাৰ পৰীক্ষা নিদি পৰৱৰ্তী বৰ্ষত পৰীক্ষা দিবৰ বাবে লোৱা এনে সিদ্ধান্ত বেচ লক্ষণীয় বিষয় হিচাপে চিহ্নিত হৈছে৷

প্ৰকাশ যে, সৰুৰেপৰা পঢ়া-শুনাত অতি মেধাৱী অজিতে মেট্ৰিকত অসমৰ ভিতৰত স্থান লাভ কৰি পাছত বিজ্ঞান শাখাত পঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছিল যদিও হাজিৰা কৰি পিতৃয়ে পঢ়োৱা অজিতে আৰ্থিক দৈন্যতাৰ বাবেই সেই লক্ষ্যত উপনীত হ’ব নোৱাৰিছিল৷ কিন্তু নিৰাশ নহৈ সকলোৰেপৰা পোৱা উৎসাহ আৰু প্ৰেৰণাৰ বাবেই পাছত ৰহা মহাবিদ্যালয়ত কলা শাখাত অধ্যয়ণ কৰি উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত সেই লক্ষ্য পূৰণৰ বাবে পণ লৈছিল৷ 

আনকি এইক্ষেত্ৰত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মৃদুল হাজৰিকাই অজিতৰ উচ্চতৰ মাধ্যমিকৰ দুটা বৰ্ষৰ পঢ়াৰ সম্পূৰ্ণ খৰচ বহনেৰে সহায়ৰ হাত আগবঢ়াইছিল৷ কিন্তু অজিতে লোৱা এনে অনাকাংক্ষিত সিদ্ধান্তই এতিয়া চিন্তাশীল মহলক একপ্ৰকাৰে ভবাই তুলিছে৷