ছাত্ৰ-ছাত্ৰীক প্ৰচুৰ অধ্যয়নশীল হ’বলৈ আহ্বান বিধায়ক ৰূপক শৰ্মাৰ

নগাঁওঃ নগাঁও জিলাৰ কাছমাৰী মৌজাৰ পলাশতলত ১৯৬৭ চনতে স্থাপিত পলাশতল কাছমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ তিনিদিনীয়া সোণালী জয়ন্তী সমাৰোহৰ শনিবাৰে সামৰণি পৰে ৷
অন্তিমদিনা পুৱা ছাত্ৰ -ছাত্ৰীৰ মাজত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ মৃগাংক বৰা, অবিনাশ বৰা আৰু পূজা দেৱীয়ে পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাখনিত বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷
দুপৰীয়া বিশিষ্ট শিক্ষাবিদ হৰেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত সোনালী জয়ন্তীৰ মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা৷
স্থানীয় কেইবা শতাধিক ৰাইজ, বিদ্যালয়ৰসমূহ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে অংশ লোৱা সভাখনত ছাত্ৰ- ছাত্ৰীৰ উপযোগী হোৱাকৈ বিধায়ক শৰ্মাই মনোগ্ৰাহী ভাষণ প্ৰদান কৰে৷
নিজৰ ভাষণত তেওঁ কয় যে আত্মবিশ্বাস আৰু অধ্যয়নৰ প্ৰতি গভীৰ অনুৰাগেই হ’ল ছাত্ৰ জীৱনৰ কৃতকাৰ্যতাৰ মূলমন্ত্ৰ৷ নগাঁৱৰে দৌৰ ৰাণী হীমা দাসৰ উদাহৰণ দাঙি ধৰি কয় যে এখন ভিতৰুৱা গাঁৱৰপৰা গৈ বিশ্ব জয় কৰাটো বৰ কঠিন কাম৷ কিন্তু হীমা দাসে নিজৰ অদম্য আত্মবিশ্বাস আৰু কষ্টৰ বলত সেয়া কৰি দেখুৱালে৷
তেওঁ পূৰ্বৰ চৰকাৰৰ ভুলৰ বাবেই অসমত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ মান অৱনমিত হৈছিল বুলি উল্লেখ কৰি লগতে কয় যে গুনোৎসৱৰ পাছত এতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি অভিভাৱকসকলৰ বিশ্বাস কিছু ঘূৰি আহিছে৷
একাংশ ছাত্ৰ সংগঠনে অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীক আন্দোলনমুখী কৰি ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষতি কৰি আছে বুলিও আক্ষেপ কৰে৷ মুকলি সভাখনত বিদ্যালয়ৰ প্ৰধান শিক্ষক ভূৱন চন্দ্ৰ ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক জয়কান্ত কোঁৱৰ আদিয়েও ভাষণ দিয়ে৷
এই মুকলি সভাতে কালি অনুষ্ঠিত হৈ যোৱা অৰুণ চন্দ্ৰ বৰদলৈ সোঁৱৰণী চিত্ৰাকংন প্ৰতিযোগিতাৰ বঁটাসমূহ বিধায়ক ৰূপক শৰ্মা আৰু অতিথিসকলে বিতৰণ কৰে৷ পিতৃৰ সোঁৱৰণত প্ৰতিযোগিতাৰ বঁটাসমূহ আগবঢ়োৱা চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হেনাশ্ৰী বৰদলৈ আৰু বেবেজীয়া প্ৰেছক্লাবৰ উপ-সভাপতি কল্যাণ কুমাৰ বৰাক উক্ত সভাতে সম্বৰ্ধনা জনোৱা হয়৷
বিদ্যালয়ৰ সহ-শিক্ষক ৰাজুমনি বৰাই উদ্দেশ্য বাখ্যা কৰা সভাখনৰ আঁত ধৰে হেমন্ত কোঁৱৰে৷ নিশালৈ সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হয়৷