নগাঁওঃ নগাঁও জিলাৰ আলিটাঙনী জুনিয়ৰ কলেজত স্বেচ্ছাসেৱী সংগঠন ইয়ুথ ডেভেল’পমেন্ট ছ’চাইটিৰ উদ্যোগত দেওবাৰে পঞ্চায়তীৰাজ সম্পৰ্কে এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়৷

আলিটাঙনী ওচমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছমত আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিদিষ্ট বক্তা হিচাপে বক্তব্য ৰাখি জুৰীয়া কলেজৰ শিক্ষা বিভাগৰ অধ্যাপক আনোৱাৰা হুছেইন কয যে, 'পঞ্চায়তীৰাজৰ দায়িত্ব অসীম। পঞ্চায়তৰ আঁচনি ৰূপায়ণত পঞ্চায়ত প্ৰতিনিধিসকলে ৰাজনৈতিক দলৰ কথা পাহৰি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ কথা গুৰুত্ব দিব লাগে।'

ছ’চাইটিৰ সাধাৰণ সম্পাদক মাজিদুল ইছলামে উদ্দেশ্য ব্যাখ্যা কৰা সভাত জাৰামাৰী-আলিটাঙনী জিলা পৰিষদৰ সদস্য জিয়াউৰ ৰহমান ভূঞা, আলিটাঙনী-জামুগুৰি গাঁও পঞ্চায়তৰ সভাপতি আব্দুল বাৰেক, আঞ্চলিক সদস্য মুকচিদুৰ ৰহমানৰ লগতে পঞ্চায়তটোৰ ১০ জন ৱাৰ্ড সদস্যক ছ’চাইটিৰ ফালৰপৰা ফুলাম গামোচা, জাপিৰে সম্বৰ্ধনা জনোৱা হয়।

ছ’চইটিৰ সভাপতি আবু ছাদিক কবিৰে আঁত ধৰা সভাখনিত আলিটাঙনী ওচমানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ফজলুল হক, জামুগুৰি এল পি স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক আব্দুল কৰিম আকন্দ, শিক্ষক বাহাৰুল ইছলাম, সমাজ সেৱক ছফিকুল ইছলাম উপস্থিত থাকেে। ছ’চাইটিৰ উপ সভাপতি ৱাছিম আক্ৰামে শলাগৰ শৰাই আগবঢ়োৱা সভাখনিত নৱ-নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলে ৰাজনীতি নহয় সমাজনীতিৰে আগন্তুক দিনত ৰাইজৰ হকে কাম কৰি যাব বুলি সভাত প্ৰতিশ্ৰুতি প্ৰদান কৰে।