
জাগীৰোডঃ নগাঁও কাগজ কলত ৩০ বছৰ ধৰি কাম কৰি থকা ১৯৭ গৰাকী অস্থায়ী কৰ্মচাৰীক চৰকাৰে দৰমহা নিদিয়াত কৰ্মচাৰীৰ পৰিয়াল সমূহে হাহাকাৰ কৰিব লগা হৈছে৷ কেৱল দৰমহা আদায় নিদিয়াই নহয় তেওঁলোকক চাটাই কৰিব বিচাৰি পান্সিং মেচিম উঠাই দিয়া বুলি অভিযোগ উত্থাপন কৰে৷চৰকাৰে তেওঁলোকক অন্যায় কৰাৰ ফলত বুধবাৰে পুৱাৰে পৰা পুনৰ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।
মৰিগাঁৱৰ নগাঁও কাগজ কলৰ স্থায়ী কৰ্মচাৰীসকলক চৰকাৰে তিনিমাহৰ দৰমহা আদায় দিয়ে যদিও ১৯৭ গৰাকী অস্থায়ী কৰ্মচাৰীক তিনিমাহৰ দৰমহা দিয়াতো দুৰৰ কথা কামৰ পৰা খেদিবলৈ উঠি-পৰি লাগিছে বুলি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ পৰিছে অস্থায়ী কৰ্মচাৰীসকলে৷
বহাগৰ বিহুলৈ মাজত দুদিন দিন বাকী থকা অৱস্থাত দৰমহা নাপায় আন্দোলন কৰিব লগা হোৱাত ক্ষোভিত হৈ পৰিছে কৰ্মচাৰীসকল৷ চৰকাৰে নগাঁও কাগজ কল কৰ্তৃপক্ষ আৰু চৰকাৰৰ বিৰুদ্ধে বুধবাৰে পুৱাৰে পৰা অস্থায়ী কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।
কাগজ কলৰ মুখ্য প্ৰৱেশ দ্বাৰত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি ১৮ মাহে দৰমহা আদায় দিয়া আৰু চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবী জনায়৷ শীঘ্ৰে দৰমহা আদায় নিদিলে পুনৰ আমৰণ অনশন কৰাৰ ভাবুকি প্ৰদান কৰে কৰ্মচাৰীসকলে৷
আছুকে ধৰি বিভিন্ন-দল-সংগঠনে ৩০ বছৰ ধৰি কলটোত কাম কৰা অস্থায়ী কৰ্মচাৰীসকলক কেন্দ্ৰীয় চৰকাৰে বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰে। পান্সিং মেচিন উঠাই কৰ্মচাৰীক চাটাই কৰাৰ ষড়যন্ত্ৰ মানি লোৱা নহব বুলি কয় আছুৱে।
কেন্দ্ৰীয় চৰকাৰে স্থায়ী কৰ্মচাৰীসকলক তিনি মাহৰ দৰমহা দি অস্থায়ী কৰ্মচাৰীসকলক দৰমহাৰ পৰা বঞ্চিত কৰে৷ একেটা উদ্যোগত কাম কৰা নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হ’ব লগা হৈছে কাগজ কলৰ কৰ্মীসকল৷ কলটোৰ আটাই খিনি কৰ্মচাৰীয়ে একেলগে প্ৰতিবাদ কৰাৰ ফলত চৰকাৰে দৰমহা আদায় দিবলৈ বাধ্য হয় যদিও এতিয়া অস্থায়ী কৰ্মচাৰীসকলক দৰমহাৰ পৰা বঞ্চিত কৰে