
নগাঁওঃ নগাঁও চহৰৰ হয়বৰগাঁওস্থিত হনুমান মন্দিৰত বিগত বৰ্ষবোৰৰ দৰে এইবেলিও আয়োজন কৰা হৈছে হনুমান জয়ন্তী উৎসৱ৷ অহা ১১ এপ্ৰিলৰ পৰা পাঁচদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে অনুস্থিত হ’ব ৬৫তম বৰ্ষিক উৎসৱটি৷
কাৰ্যসূচী অনুসৰি ১১ এপ্ৰিলৰ পুৱাৰে পৰা পূজা-অৰ্চনাকে ধৰি অন্যান্য কাৰ্যসূচীৰ লগতে সন্ধ্যা ৫.৩০ বজাত উৎসৱটি আনুষ্ঠানিক উদ্বোধন কৰিব শান্তি সেৱা আশ্ৰমৰ গুৱাহাটীৰ সচিব হেমভায়ে৷ ইয়াৰ পিছতে ওৰে নিশা বজৰংগ ভজন মণ্ডলী আৰু পৱন শৰ্মাৰ দ্বাৰা ভজন কীৰ্তন অনুষ্ঠিত হ’ব৷
১২ এপ্ৰিলৰ বিয়লি ২ বজাত হনুমান মন্দিৰৰ পৰা এক বিশাল শোভাযাত্ৰা উলিওৱা হ’ব৷ এই শোভাযাত্ৰাত মধ্যপ্ৰদেশৰ ৰামজী ত্ৰিপাঠীৰ সাংস্কৃতিক দলে বিশেষ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব আৰু সন্ধ্যা দিহানাম পৰিবেশন কৰিব আইভেটী পুষ্প পাৰিজাত দলে৷
নিশা ৮ বজাৰ পৰা দীক্ষা ৰাথোড় আৰু কুশল সিং ৰাথোড় (কোটা)ৰ দ্বাৰা বিশেষ ভজন অনুষ্ঠান পৰিবেশন কৰা হ’ব৷ ১৩ আৰু ১৪ এপ্ৰিলৰ সন্ধ্যা ৬ বজাৰ পৰা সন্দীপ পাৰিখ, চনু লক্ষ, যোগেন্দ্ৰ ব্ৰিজবাচিৰ (আলোৱাৰ) দ্বাৰা বিশেষ ভজন অনুষ্ঠান৷
ইয়াৰোপৰি প্ৰতিদিনেই মন্দিৰ প্ৰাংগণত ৰামায়ন পাঠ নিৰৱচ্ছিন্নভাবে চলি থাকিব৷ ১৫ এপ্ৰিলত যজ্ঞ আৰু পূজা-অৰ্চনাৰে হনুমান জয়ন্তী উৎসৱৰ যৱনিকা হ’ব বুলি আয়োজক সমিতিৰ সংযুক্ত সচিব অজিত মহেশ্বৰীয়ে জানিবলৈ দিছে ৷