নগাঁওঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আজি নগাঁও জিলা সাংবাদিক সমাজৰ উদ্যোগত উলিওৱা এক বিশাল প্ৰতিবাদী সমদলে নগাঁও চহৰৰ ৰাজপথ কঁপাই তোলে। একাংশ প্ৰতিবাদকাৰীয়ে হাতত হেংদাং লৈ জাতিদ্ৰোহীক সাৱধান কৰি দিয়ে৷

পুৱা প্ৰায় ১১.৩০ বজাত চহৰৰ শ্বহীদ ভৱনৰপৰা উলিওৱা এই প্ৰতিবাদী সমদলটি আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট শিক্ষাবিদ, গৱেষক তথা সাহিত্যিক ড° নৰেন কলিতাই। তেওঁ সমদল মুকলি কৰি দিয়া ভাষণত বি জে পি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে জাতীয় জীৱনৰ জটিল সন্ধিক্ষণত জাতিটোক ৰক্ষা কৰিবলৈ সকলো আগবাঢ়ি আহিব লাগে।

যিখন বিধেয়কে অসমীয়া মানুহৰ ভাষা-সংস্কৃতি, সাহিত্য, জীৱনৰ প্ৰতি ভাবুকি আনি জাতিটোক বিপদাপন্ন কৰিব বিচাৰিছে, সেই বিধেয়কখনৰ বিৰুদ্ধে অসমৰ ৰাইজে ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব। ডঃ কলিতাই বিশিষ্ট বুদ্ধিজীৱি ডঃ হীৰেন গোহাঁইক চৰকাৰে দেশদ্ৰোহী গোচৰত অভিযুক্ত কৰা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দি লগতে কয় যে এইটো কোনো কাৰণে গ্ৰহণযোগ্য নহয়। 

আক্ৰোশমূলকভাৱে গোহাঁইৰ বিৰুদ্ধে কৰা এই কাৰ্যৰ বাবে চৰকাৰে নিজে লাজ পাব লাগে বুলি মন্তব্য কৰি তেওঁ "চৰকাৰে গোহাঁইৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ শীঘ্ৰেই প্ৰত্যাহাৰ কৰা উচিত" বুলি মন্তব্য কৰে৷ যিসকলে গোহাঁইৰ বিৰুদ্ধ গোচৰ জাপি দিছে তেওঁলোক অসমীয়া নহয় নেকি বুলি প্ৰশ্ন কৰি ডঃ কলিতাই আৰু কয়, "চৰকাৰে অসমীয়া জাতিক শান্তিৰে জীয়াই থাকিবলৈ দিয়ক।" 

প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰাকমুহূৰ্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাই ভাষণ দি কয় যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধ হোৱা যুঁজখন অধিক দৃঢ় হ'ব লাগিব। অসমীয়া জাতিয়ে কাৰো ৰঙা চকুলৈ ভয় নকৰে বুলি সকীয়াই দি বৰাই কয়, বি জে পি চৰকাৰে এই বিধেয়কখন প্ৰত্যাহাৰ নকৰিলে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। 

বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই ভাষণ দি কয়, "অসমত হোৱা প্ৰায়বোৰ সংগ্ৰামৰ আৰম্ভণি নগাঁৱৰপৰাই হয়। ইয়াৰ বিবেকবান ব্যক্তিসকলক লগত লৈহে এই সংগ্ৰাম আৰম্ভ হয়। অসমীয়া জাতিৰ দুৰ্যোগৰ সময়ত নগঞা সাংবাদিক সকলে গ্ৰহণ কৰা এনে ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী নিশ্চিতভাৱে সংবাদ জগতৰ কাৰণে সুন্দৰ খবৰ।" 

সাংবাদিকৰ এই  সংগ্ৰামী সত্তাই এক নতুন দিগন্তৰ সূচনা কৰিব বুলি মহন্তই মন্তব্য কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা জনজাতিকৰণ প্ৰসংগত কয়, সংবিধানত কোনো ব্যৱস্থা নথকা সত্ত্বেও অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ব্যৱস্থা কৰিছে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই কয় যে, ভাৰত চৰকাৰে অসমৰ ৰাইজৰ আৱেগ-অনুভুতি তথা স্বাভিমানক বুজাৰ চেষ্টা নকৰি জাতিধ্বংসী বিধেয়কখন জাপি দিব বিচাৰিছে। তেওঁ অসমৰ ৰাইজৰ স্বাৰ্থক আওকাণ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক এবাৰ জাতিটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ আহ্বান জনায়। জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰে এতিয়া সকলো কথা পাহৰি গৈছে। অসমীয়া জাতিটোক নিশ্চিত বিপদৰ দিশে ঠেলি দি ভাৰত চৰকাৰে ধৰ্মৰ ভিত্তিত অসমত হিন্দু নাগৰিকক সংস্থাপন কৰিবলে গ্ৰহণ কৰা সিদ্ধান্তক কেতিয়াও অসমীয়া ৰাইজে ক্ষমা নকৰে। চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে অসমৰ ৰাইজৰ হিতৰ কাৰণে অহৰহ চিন্তা কৰা ড: হীৰেন গোহাঁইৰ বিৰুদ্ধে গোচৰটো প্ৰত্যাহাৰ কৰাৰ আহ্বান জনাই কয়, ‘‘তেওঁলোকৰ গাত যদি অলপো অসমীয়াৰ তেজ আছে, তেন্তে এই বিধেয়কখনৰ বিৰোধিতা কৰক।’’ 

আছুৰ নগাঁও জিলা সমিতিৰ সভাপতি গৌৰীশংকৰ শইকীয়াই কয়, এইখন বিল কোনো কাৰণত মানি লোৱা নহয়। এইখন বিল গৃহীত হলে অসম জ্বলিব বুলি হুংকাৰ দিয়ে। বিশিষ্ট কবি-সাহিত্যিক জীৱন নৰহে চৰকাৰক কঠোৰ সকীয়নি দি কৰি গাঁৱে-ভূঞেঁ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাইজক আহ্বান। নৰহে কয়, স্বজাতিক ক্ষতি কৰা এই বিধেয়কখন সৰ্বত্ৰে দাহ কৰিব লাগে। বিদেশী খেদা আন্দোলন কৰা সৰ্বানন্দ সোণোৱালে এতিয়া অসমত বিদেশী আনিব বিচাৰিছে। বিশিষ্ট কবি গৰাকীয়ে আৰু কয় যে, সকলোৱে ভোগালী বিহুত মেজিৰ উম ল‌ওক, কিন্তু এই মেজিত সকলোৱে বিধেয়কখন জ্বলাই সৰ্বস্তৰতে প্ৰতিবাদ সাব্যস্ত কৰক।

নগাঁও সদৰস্থিত সাংবাদিক সকলৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰপৰা অহা সাংবাদিক সকলৰ নেতৃত্বত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, দল-সংগঠনৰ প্ৰায় তিনি সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে বি জে পি বিৰোধী শ্লোগানৰে নগাঁও চহৰৰ ৰাজপথ কঁপাই তোলে। নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, ৰাজেন গোঁহাই মুৰ্দাবাদ, চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ, ৰূপক শৰ্মা মুৰ্দাবাদ, বি জে পি হায় হায়, বি জে পি লেই লেই চেই চেই, বি জে পি হুচিয়াৰ আদি ধ্বনি দি সমগ্ৰ নগাঁও চহৰ উত্তাল কৰি তোলে।

বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকী, বিশিষ্ট সাহিত্যি-সমালোচক প্ৰভাত বৰা, বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতি, নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা, লেখক অধ্যাপক ডঃ মিলন নেওগ, শিক্ষাবিদ সভাৰাম মজুমদাৰ, লেখক মোলান লস্কৰ, কৃষক নেতা অৰূপ কুমাৰ মহন্ত, মহিলা নেত্ৰী মৃনালিনী দেৱী, কণ্ঠশিল্পী কৃষ্ণমনি নাথ, অ গ প নেত্ৰী মামণি বৰা, অ গ প নেতা কুলেন বৰা, সাংস্কৃতিক গোষ্ঠী কল্লোলৰ সম্পাদক নৌচাদ আখতাৰ হাজৰিকা, শিক্ষাবিদ-লেখক গিৰীশ দাস, অধিবক্তা আবুল হাছিম খন্দকাৰ, সমাজকৰ্মী মুৰুলী বৰুৱা, বল্লদেৱ শৰ্মা, নৰেন্দ্ৰ প্ৰসাদ চৌহান, চিৰাজ উদ্দিন আহমেদ, জগদ্বিশ ধোট, যুগল কিশোৰ আগৰৱালা, দ্বীপ্তি কুমাৰ বৰুৱা আদিয়েও এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে।

প্ৰতিবাদী কাৰ্যসূচীত সদৌ নগাঁও জিলা ছাত্ৰ সন্থা, আসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, তিৱা ছাত্ৰ সন্থা,টাই আহোম ছাত্ৰ সন্থা, বীৰ লাচিত সেনা, ঐক্য সেনা, অসম, সংখ্যালঘু সমন্বয় সমিতি, নগাঁও উকীল সন্থা, গৰিয়া মৰিয়া জাতীয় পৰিষদ, কোচ ৰাজবংশী সন্মিলনী, প্ৰগতিশীল নাৰী সন্থা, ভোজপুৰী যুৱ ছাত্র পৰিষদ, অখিল অসম ভোজপুৰী সন্মিলন, অসম জাতীয়তা যুৱ পৰিষদ, ভাৰতীয় গণনাট্য সংঘ, অ গ পৰ নগাঁও জিলা সমিতি, এন এছ ইউ আই, যুৱ কংগ্ৰেছ, নগাঁও মাৰোৱাৰী সমাজ, অসম কবি সন্মিলন, চি পি আই (এম এল), অসম গ্ৰামীণ শ্ৰমিক সন্থা, চি পি আই, নগাঁও ৰাজস্থানী যুৱক সংঘ, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থ, গ্ৰাম বিকাশ পৰিষদ, সেউজজ্যোতি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা, নগাঁও জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা, ৰূপান্তৰ আদিকে ধৰি একাধিক দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

তাৰোপৰি এই প্ৰতিবাদী সমদলত নগাঁও চহৰকে ধৰি ৰহা, কামপুৰ, বেবেজীয়া, জাজৰি, ৰাইদঙীয়া, ধিং, বটদ্ৰৱা, জুৰীয়া, ৰূপহী, কলিয়াবৰ, চামগুৰি, পুৰণিগুদাম, বৰ্হমথুৰি, কঠিয়াতলী, ডবকা, ননৈ, চাপৰমুখ আদি অঞ্চলৰ সাংবাদিক সকলেও অংশ লয়।