♦ জুৰীয়াত আৰক্ষীৰ ছত্ৰছায়াত মদ-জুৱা-ড্ৰাগছৰ অবাধ প্ৰচলনত ক্ষুব্ধ জনতা

নগাঁওঃ নগাঁও জিলাৰ অন্তৰ্গত জুৰীয়াত দেওবাৰে আমছুৰ উদ্যোগত তথা ৰাইজৰ সহযোগত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷

জুৰীয়াৰ বালুকটিয়াত দীৰ্ঘ দিনে চলি থকা ড্ৰাগছ, মদ, জুৱাৰ আদিৰ অবাধ প্ৰচলন বন্ধৰ বাবে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী৷ আৰক্ষীয়ে অঞ্চলটোত চলি থকা অসামাজিক কাৰ্য-কলাপ ৰোধ কৰাৰ ক্ষেত্ৰত ৰহস্যজনকভাৱে নীৰৱ ভূমিকা গ্ৰহণ কৰি অহাত ড্ৰাগছ ব্যৱসায়ীয়ে বালুকটিয়াত চলাই আহিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা৷ 

কেৱল ড্ৰাগছেই নহয়, একাংশ অসাধু ব্যৱসায়ীয়ে অঞ্চলটোত জুৱা, মদ, ভাং আদিৰ অবাধ বেহা চলাই সামাজিক আৰু শৈক্ষিক পৰিৱেশ কলুষিত কৰি তুলিছে৷ 

নৱ-প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া এনেবোৰ অপকাণ্ডৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ স্থানীয় ছাত্ৰ সংগঠনটোৰ লগতে অঞ্চলটোৰ ৰাইজে একাধিকবাৰ আৰক্ষীক অৱগত কৰি অহাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ এইদৰে আজি ৰাজপথলৈ ওলাই আহি ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে অৱস্থান ধৰ্মঘট পালনেৰে প্ৰতিবাদ জনাই পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰীসকলে অনাগত দিনত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোনৰ হুংকাৰ দিয়ে৷