
বঢ়মপুৰঃ দৰিদ্ৰৰ জীৱন যেন মূল্যহীন৷ দৰিদ্ৰৰ কৃষি ভূমি নানান প্ৰলোভন দি পানীৰ দৰত কিনি নিশাৰ ভিতৰতে ধন কুবেৰে গঢ়ি তোলে একো একোটা উদ্যোগ৷ কেৱল কৃষকৰ ভূমিয়ে নহয় চৰকাৰে তেওলোকক দিয়ে হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি৷ দেশ তথা জাতীৰ উন্নয়ণৰ বাবে উদ্যোগ খুবেই প্ৰয়োজনীয়৷ কিন্তু দৰিদ্ৰ লোকৰ জীৱন বোৰোও প্ৰয়োজনীয় এখন দেশৰ বাবে৷
একোটা একোটা উদ্যোগ জনবসতি প্ৰধান অঞ্চলত গঢ়ি তোলাৰ ফলত উদ্যোগৰ ধুলি-বালি, ধোৱাই মানুহক প্ৰতিদিনে মৃত্যুৰ দিশে আগবঢ়ায় নিয়ে৷ নান ৰোগত আক্ৰান্ত হয় শ শ লোক৷ খুজুৱতি, উশা-নিশা লব নোৱাৰাৰ পৰিবেশৰ সৃষ্টি হয়৷ তাৰ মাজতে চামগুৰিত শ শ মহিলা ওলাই আহিল ৰাজ পথলৈ৷ চামগুৰিৰ আমনিত ক্ষুব্ধ ৰাইজে ৰাজ পথলৈ ওলাই আহি দাবী জনালে শিলৰ উদ্যোগ বন্ধ কৰাৰ৷
আমনিৰ গড়বস্তীৰ মহিলা সহ কেবা শতাধিক ৰাইজ ৰাজপথলৈ ওলাই আহি অঞ্চলটোত বৃহৎ শিলৰ কোৱাৰি স্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁৱৰ ব্যৱসায়ী ৰাজনীশ জৈনে আমনিত বৃহৎ কোৱাৰি স্থাপন কৰি পৰিবেশলৈ ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন কৰি ৰাইজে প্ৰতিবাদ কৰিবলৈ ওলাই আহে। উদ্যোগত কেইজনমান লোকক সংস্থাপন দি হাজাৰ হাজাৰ লোকক মৃত্যুৰ মুখলৈ ঠেলি দিব বুলি স্পষ্ট কৰে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদীকাৰীয়ে নগাঁও জিলা প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই অন্যথাই জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে। ৰাজ্যত বৰ্তমান শিলৰ তীব্ৰ নাটনি চলি থকাৰ সময়তে চামগুৰিৰ আমনিত এনে ধৰণৰ বৃহৎ কোৱাৰি সংস্থাপনৰ প্ৰস্তুতিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷