♦ ধানৰ পাছত এতিয়া খেতিপথাৰত কৃষক ব্যস্ত ৰবি শস্যত

জয়ন্ত মুদৈ,নগাঁওঃ এতিয়া ৰবিশস্যৰ বতৰ৷ আলু, কবি, বেঙেনা, বিলাহী, পিঁয়াজ, গাজৰ, মূলা, ফেন্সবিন, সৰিয়হ আদিকে ধৰি নানা প্ৰকাৰৰ শাক-পাচলিৰে কৃষিভূমি উপচি পৰাৰ বতৰ এয়া৷

সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাৰ গ্ৰামাঞ্চলবোৰৰ কৃষিভূমিসমূহো ৰবিশস্যৰে সেউজীয়া হৈ পৰিছে৷ ইয়াৰ ভিতৰত বিশেষভাৱে আলু আৰু সৰিয়হ খেতিয়েই অধিক পৰিমাণে নগঞাৰ কৃষিভূমিত অগ্ৰাধিকাৰ পোৱা পৰিলক্ষিত হৈছে৷

যাৰ পৰিণতিত সৰিয়হৰ কুমলীয়া পাত আৰু হালধীয়া ফুলে জিলাখনৰ পথাৰসমূহ ভৰি পৰি এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে৷ স্মৰ্তব্য যে, বিগত কেইবাটাও বছৰৰ তুলনাত এইবাৰ প্ৰকৃতি ধানখেতিৰ বাবে অনুকূল হোৱাত সকলো নগঞা কৃষকেই কম-বেছি পৰিমাণে হ’লেও ধানখেতি সুকলমে কৰিবলৈ সক্ষম হ’ল।

গতিকে স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰা এই কৃষকসকলে বৰ্তমান ধানখেতি সামৰি পুৰাদ্দমে ৰবিশস্যৰ খেতিত একাত্মভাৱে মনোনিৱেশ কৰিছে ৷ এইসকল অতি কষ্টসহিষ্ণু কৃষকে সম্পূৰ্ণ যুদ্ধংদেহী মনোভাৱেৰে অলেখ আশা বুকুত বান্ধি প্ৰৱল উৎসাহেৰে অসমৰ আন আন ঠাইৰ দৰে নগাঁও জিলাতো চৰকাৰে কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৃষিখণ্ডৰ লগতে কৃষকসকল উপকৃত হ’ব পৰাকৈ ৰূপায়ন কৰা অভিলাষী আঁচনিবোৰ গ্ৰহণ কৰি ৰবিশস্যৰ বীজ ৰোপন কৰিছে৷

আনকি কৃষি বিভাগৰ ফালৰপৰা পৰ্যাপ্ত পৰিমাণৰ বীজ, সাৰ, কীটনাশক আদি যোগান ধৰি কৃষকসকলক উৎসাহিত কৰি তুলিছে৷ গতিকে জিলাখনৰ উৎসাহী তথা উদ্যমী কৃষকসকলে এইদৰে শৰীৰৰ ঘাম মাটিত পেলাই হাড়ভগা পৰিশ্ৰম কৰি বৰ্তমান ৰবিশস্যৰে খেতিপথাৰ ভৰাই তুলি যেন সূচনা কৰিছে সেউজ বিপ্লৱৰ৷

লক্ষণীয় বিষয় যে, এই কৃষক শ্ৰেণীটোৰ বাহিৰেও বহুসংখ্যক শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে চাকৰিৰ আশা মনৰ পৰা ত্যাগ কৰি সম্পূৰ্ণৰূপে কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোনো কোনোৱে নিজাববীয়াকৈ নতুবা কোনোয়ে আকৌ সমবায় ভিত্তিত উক্ত গ্ৰামাঞ্চলৰ শ শ বিঘা  কৃষিভূমিত আলু, সৰিয়হ, কবি, মূলা, মাহ আদি নানা বিধৰ শাক-পাচলিৰ খেতি কৰি শস্যপথাৰ জাকত জিলিকাকৈ নদন-বদন কৰি সৰ্বত্ৰে উদ্ভৱ ঘটাইছে এক নান্দনিক পৰিৱেশৰ।