নগাঁওঃ নগাওঁ জিলাৰ পশ্চিমে তথা বটদ্ৰৱা থানৰপৰা প্ৰায় ৫ কিল'মিটাৰ নিলগত অৱস্থিত ঐতিহ্যমণ্ডিত ওপৰ ডুমডুমীয়া সত্ৰৰ শ্ৰীশ্ৰী বংশীবদন বংশীগোপাল মূৰ্ত্তি কীৰ্তন ঘৰ (বুঢ়া নামঘৰ)ৰ নৱনিৰ্মিত মণিকূটৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো যোৱা ৮ আৰু আজি ৯ মাৰ্চত দুদিনীয়া সত্ৰীয়া ৰীতি অনুসৰি বৰ্নাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।

তদুপলক্ষে ৮ মাৰ্চৰ দিনা পুৱা ৭ বজাত ধৰ্মধ্বজা উত্তোলন কৰে সত্ৰৰ চাৰিবুঢ়া নৰকান্ত নাথে আৰু বন্তি প্ৰজ্বলন কৰে সত্ৰৰ চাৰিবুঢ়া যদুৰাম নাথে। ইয়াৰ পাছতে উপৰ ডুমডুমীয়া সত্ৰৰ চাৰিবুঢ়া সকলৰ এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। ৮ বজাত আইসকলৰ নামৰ অন্তত দুপৰীয়া কীৰ্ত্তন আৰু ১ বজাৰপৰা ভাগৱত পাঠ অনুষ্ঠিত হয়। আজি ৯ মাৰ্চৰ পুৱা খোল প্ৰসংগ, আইসকলৰদ্বাৰা পানী তোলা পৰ্ব, আইসকলৰ নামৰ পাছতে ধিং আঠগাঁৱৰ ৰাতুল বৰাই আগবঢ়োৱা এটি প্ৰভু ৰামচন্দ্ৰৰ মূৰ্ত্তি প্ৰতিষ্ঠা কৰা হয়।

দুপৰীয়া কীৰ্তনকে আদি কৰি বিভিন্ন কাৰ্যসূচীৰ অন্তত নিশা ৮ বজাৰপৰা অসমৰ বিভিন্ন ঠাইৰপৰা আহি ডুমডুমীয়া অঞ্চলত শিক্ষকতা কৰা টে'ট শিক্ষকসকলৰদ্বাৰা 'ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় গজকেতু উপাখ্যান' শীৰ্ষক এখনি ভাওনা পৰিৱেশ কৰা হয়।