
নগাঁওঃ বিগত বৰ্ষবোৰৰ দৰে এইবাৰো নগাঁও জিলাৰ বৃহত্তৰ বৰপাথৰি জলাহ-উজৰা শংকৰী কৃষ্টি সমাজৰ নামঘৰ প্ৰাংগণত বৃহস্পতিবাৰৰপৰা তিনি দিনীয়াকৈ এক বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে শ্ৰীশ্ৰী ৰাস মহোৎসৱ উদযাপনৰ দিহা কৰা হৈছে৷
কাৰ্যসূচী অনুসৰি ২২ নৱেম্বৰ পুৱা ৭ বজাত বৰপাথৰি জলাহ উজৰা শংকৰী কৃষ্টি সমাজৰ গন্ধৰ্ব বাদ্য পৰিৱেশন, ২৩ নৱেম্বৰ পুৱা ৫:৩০ ঊষা কীৰ্ত্তন, পুৱা ৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব উৎসৱ উদযাপন সমিতিৰ সভাপতি কোষেশ্বৰ বৰাই,১০:৩০ বজাত নামাচাৰ্য গোলাপ চন্দ্ৰ কেন্দ্ৰৰ নেতৃত্বত খোল প্ৰসংগ আৰু নাম-প্ৰসংগ, প্ৰসাদ বিতৰণ, সন্ধিয়া ৭ বজাত বন্তি প্ৰজ্বলনৰ পাছতে বৰপাথৰি জলাহ উজৰা শংকৰী কৃষ্টি সমাজৰ শিশু সকলৰদ্বাৰা আৰু ইন্দ্ৰমোহন গোস্বামীৰ তত্বাৱধানত প্ৰদৰ্শন কৰা হব শিশুলীলা নাট।
ঠিক সেইদৰে ২৪ নৱেম্ববৰত পুৱাৰেপৰা সকলো মাংগলিক কাৰ্য সমাপন হোৱাৰ অন্তত নিশা ৮ বজাৰপৰা দেবেন শইকীয়াৰ নেতৃত্বত অঞ্চলৰ যুৱতী-মহিলাসকলৰদ্বাৰা শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ প্ৰদৰ্শন হৈ তিনিদিনীয়া কাৰ্যসূচীৰ সামণি পৰিব বুলি উৎসৱ সমিতি আৰু স্থায়ী সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে-ৰামেশ্বৰ বৰা, কোষেশ্বৰ বৰা, উমা বৰা আৰু মুকুল চন্দ্ৰ বৰাই জানিব দিছে।
উল্লেখ্য যে এইবাৰৰ মহোৎসৱত কিছু ব্যতিক্ৰমী কৌশল তথা অত্যাধুনিক বৈদ্যুতিক কাৰিকৰী কৌশল প্ৰয়োগেৰে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস প্ৰদৰ্শৰ দিহা কৰিছে উদযাপন সমিতিয়ে।