পুৰণিগুদাম/বঢ়মপুৰঃ নগাওঁ জিলাৰ টাউন ইটাচালি আৰক্ষী চকীৰ অন্তৰ্গত নৰ্ত্তম গাঁৱত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা৷

নগাঁও টাউনৰ পৰা চামগুৰি অভিমুখে আহি থকা এ-এছ-০২এ-৮৯৩৩ নম্বৰৰ মেক্সিমো গাড়ীখনত এখন অচিনাক্ত চুইফট ডিজায়াৰ গাড়ীয়ে খুন্দা মৰাত মেক্সিম খন ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে বাগৰি পৰে৷

পৰৰ্ৱতী সময়ত যোৰহাটৰ পৰা নগাওঁ অভিমূখী এ-এছ-০২-এ-চি-৬৩৬২ নম্বৰৰ এখন বাছে মেক্সিমো গাড়ীখনত পুনৰ খুন্দা মৰাত গুৰুতৰভাৱে আহত হয় অতি কমেও ৮ গৰাকীকৈ যাত্ৰী৷ দুৰ্ঘটনাটোত ছাইদুল ইছলাম(৫), হাফিজুদ্দিন(২৭), জিয়াউদ্দিন(৬০), তাৰেন আবি(৫৫), মণি বৰ্মন(৫০), প্ৰেমানন্দ বৰুৱা(৫৮), জয়ত আলি(৬০) আৰু আব্দুল আলি(22) আহত হয় ৷

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত যাত্ৰীসকলক সংকটজনক অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷