
চামগুৰিঃ চামগুৰিৰ আমনিত বৃহস্পতিবাৰে পুৱাতে সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা। আমনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা পকী দলঙৰ ৰেলিঙ ভাঙি দ্বিজু নদীৰ পানীত পৰিল দ্ৰুতবেগী গেছ ভৰ্তি টেংকাৰখন। বঙাইগাঁৱৰপৰা তিনিচুকীয়াৰ অভিমুখে গৈ থকাৰ অৱস্থাতে পুৱতিনিশা ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় টেঙ্কাৰখন।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত বহু সময় ধৰি পানীৰ মাজত টেংকাৰখনতে আৱদ্ধ হৈ থাকে চালকজন। ইফালে, দুৰ্গটনাগ্ৰস্ত টেংকাৰ খনৰপৰা বিপদজনকভাৱে গেছ নিৰ্গত হৈ থকাক কেন্দ্ৰ কৰি অনাকাংক্ষিত পৰিস্থিতিৰ শংকাত এক আতংকময় পৰিবেশৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোতে।
পাছত ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ সমগ্ৰ অঞ্চলটোতে হাই এলাৰ্ট জাৰি কৰি বহু সময় ধৰি অভিযান চলাই টেংকাৰখনৰ চালকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে, আৰক্ষীয়ে দুৰ্ঘটনাত নিহত টেংকাৰখনৰ চালকজনৰ ঘৰ ঝাৰখণ্ডত বুলি জানিবলৈ দিছে৷ যদিও বৰ্তমানলৈকে মৃত ব্যক্তিজনৰ প্ৰকৃত পৰিচয়ৰ লগতে টেংকাৰখন উদ্ধাৰ হোৱা নাই।
উল্লেখ্য যে, ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত পুৱাৰে পৰা ঘন্টাৰ পাছত ঘন্টা ধৰি চামগুৰিৰ আমনিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ পৰে বহু যান-বাহন।