চামগুৰিঃ​ নগাঁও জিলাৰ পুৰণিগুদামৰ একমাত্ৰ উচ্চশিক্ষাৰ অনুষ্ঠান ড: বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত শুকুৰবাৰৰপৰা আৰম্ভ হৈছে মহাবিদ্যালয় সপ্তাহ সমাৰোহ।

সপ্তাহ সমাৰোহৰ মুখ্য কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰাই পুৰণি গুদামৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।

বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতে মহাপুৰুষীয়া দৃশ্যপটো প্ৰৰ্দশন কৰে সাংস্কৃতিক শোভাযাত্ৰাটোত। মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগে আটকধুনীয়াকৈ উলিওৱা শোভাযাত্ৰাই ৰাইজক বাৰুকৈয়ে আৰ্কষিত কৰে৷