♦ মোডীৰ নাম অবিহনেই ছপা হ'ল কাৰ্যসূচী

নগাঁওঃ আগন্তুক ৬ ফেব্ৰুৱাৰীৰপৰা মৰিগাঁৱত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক অধিৱেশনলৈ নাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

দেওবাৰে বিয়লি নগাঁওস্থিত সংঘৰ মূল কাৰ্যালয়ত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাৰ পাছতে স্পষ্ট হৈ পৰিছে এই কথা। উল্লেখ্য যে, উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠানটিৰ দ্বিতীয় দিনৰ কাৰ্যসূচীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আমন্ত্ৰণ জনোৱাৰ ইচ্ছাৰে অনুমতি-পত্ৰ প্ৰেৰণ কৰিছিল যদিও আজিলৈকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰপৰা কোনো সঁহাৰি নাপালে শ্ৰীমন্ত শংকৰদেৱ সংঘই।

যাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীৰ নাম অবিহনেই ছপা কৰা হ’ল সংঘৰ মৰিগাঁও অধিৱেশনৰ কাৰ্যসূচী। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত চলি থকা প্ৰবল প্ৰতিবাদৰ সময়তে প্ৰধানমন্ত্ৰীৰ নিমন্ত্ৰণক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। দুদিনৰ পূৰ্বে সংঘৰ পদাধিকাৰীকে ধৰি বিষয়ববীয়াসকলে প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ কৰাৰ প্ৰক্ৰিয়া এবছৰৰ পূৰ্বৰ বুলি কৈছিল আৰু বৰ্তমান পৰিৱেশ-পৰিস্থিতি সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত সিদ্ধান্তও সলনি হোৱা বুলি প্ৰকাশ কৰিছিল।

ইফালে, অসমীয়া জাতিৰ মৃত্যু শেলৰূপী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত আজিও অটল হৈ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই এই জাতিধ্বংসী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰে সংবাদ মাধ্যমৰ আগত৷