বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে অঞ্চলবাসীক

নগাঁওঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী বটদ্ৰৱা সমষ্টিৰ অন্যতম পুৰণি শিক্ষানুষ্ঠান হালধিআটি প্ৰাথমিক বিদ্যালয়ে ইতিমধ্যে সগৌৰৱেৰে এশটি বছৰ অতিক্রিম কৰিছে। 

সেই উপলক্ষে বিদ্যালয়খনৰ শতবৰ্ষ উৎসৱটি দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়। দেওবাৰে অন্তিম দিনা পুৱা ৭ বজাত  চাফাই  অভিযান আৰু বন্তি প্ৰজ্বলনৰ পাছতে ৮ বজাত বৰচিলা গাঁও পঞ্চায়তৰ সভানেত্ৰী পপী বৰদলৈয়ে শুভাৰম্ভ কৰা এটি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ অঞ্চল উজ্বলাই তোলে। 

পদব্ৰজে উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাত বিহু নৃত্য, তিৱা নৃত্য, জাতীয় সাজত বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ লগতে  প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা শোভাযাত্ৰাই অঞ্চলবাসী মুগ্ধ কৰিবলৈ সক্ষম হয়। 

বিয়লি ১ বজাৰপৰা আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি দ্বীপেন্দ্ৰ নাথ বৰদলৈয়ে। উদযাপন সমিতিৰ সম্পাদক প্ৰদীপ চন্দ্ৰ কোঁৱৰে আঁত ধৰা সভাখনিত মুখ্য অতিথি হিচাপে উত্তৰ শিলপুখুৰী মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পূৰ্ণকান্ত ডেকাই অংশগ্ৰহণ কৰি কয় যে মানৱ জীৱনৰ শিক্ষাই হৈছে একমাত্ৰ অবিচ্ছেদ অংগ। শিক্ষাই মানুহৰ জীৱনত একোখন সমাজ গঢ় দিয়াত অৰিহণা যোগায়। বৌদ্ধিক বিকাশৰ লগতে মানসিক তথা আধ্যাত্মিক উৎকৰ্ষ সাধনৰ বাবে শিক্ষা লাভ কৰাটো অপৰিহাৰ্য। শিক্ষা কেৱল আত্ম প্ৰতিষ্ঠাৰ সমলেই নহয়, শিক্ষা মানুহ সৃষ্টিৰ সৰ্বশ্ৰেষ্ঠ  উপকৰণো৷

সভাত প্ৰধান শিক্ষয়িত্ৰী ব্ৰজয়ন্তী ডেকা, মানিক চন্দ্ৰ দাসৰ লগতে কেইবাজনো শিক্ষাবিদে শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ সন্দৰ্ভত বক্তব্য দাঙি ধৰে। সভাত সম্পাদক কুশল কোঁৱৰ, ৰাজুমনি কোঁৱৰ,  জোনমনি কোঁৱৰৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু অঞ্চলটোৰ প্ৰায় পাঁচ শতাধিক লোক উপস্থিত  থাকে। নিশা স্থানীয় তথা আমন্ত্ৰিত শিল্পীৰদ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰদ্বাৰা শতবৰ্ষ উৎসৱৰ সামৰণি পেলোৱা হয়।