
নগাঁওঃ নগাওঁ জিলাৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ আলিটাঙনি অঞ্চলত পোন প্ৰথমবাৰৰ বাবে স্থাপিত হ’ল ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান৷
স্থানীয় কেইবাজনো শিক্ষিত নাগৰিকৰ ঐকান্তিক প্ৰচেষ্টাত মাৰ্কাজ একাডেমী ইংলিছ স্কুল নামেৰে স্থাপিত এই শিক্ষানুষ্ঠানখনি বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়৷
এই মৰ্মে, নৱ-স্থাপিত শিক্ষানুষ্ঠানখনৰ চৌহদত অৱসৰপ্ৰাপ্ত অধ্যক্ষ এ কে ফজলুল হকৰ পৌৰহ্যিতত এখনি গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়৷
আলিটাঙনি ওচমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বজলুল হকে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট সমাজকৰ্মী আব্দুল মজিদ ফাৰুকী, হাজী মহম্মদ আলি ফৰাজী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ হাফিছ উদ্দিন পাঠান, মাৰ্কাজুল মা-আৰিফৰ কাৰ্যকৰী সভাপতি চামচুল হক চৌধুৰী, ডিনিয়াট বিভাগৰ হেড আব্দুল গফুৰ, এইছ আৰ আটিকুল আলম, মবিলাইজাৰ হেড মাজিদুল ইছলাম, সমাজকৰ্মী বদৰুল ইছলাম খান, আবুল বাছাৰ মামুদ, বিশিষ্ট চিকিৎসক ডাঃ ৰিয়াজ উদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল মজিদ, আলিটাঙনি-জামুগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মুকছুদুৰ ৰহমানকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰি বৰ্তমান শিক্ষা ব্যৱস্থা আৰু শিশুক গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত শিক্ষক-অভিভাবকৰ ভূমিকা সন্দৰ্ভত সাৰমৰ্মী ভাষণ প্ৰদান কৰে৷
ইফটিকাৰ হুছেইনে আঁত ধৰা সভাখনিত উপস্থিত থকা নৱ স্থাপিত শিক্ষানুষ্ঠানখনৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাবকসকলক উদ্যোক্তাসকলে একোখনকৈ ফুলাম গামোচাৰে বিশেষভাৱে সম্বৰ্ধনা জনায়।