
নগাঁওঃ চৰকাৰী ঘোষণা অসাৰ প্ৰতিপন্ন হ'ল নগাঁও জিলাৰ জুৰীয়া অঞ্চলৰ বিদ্যালয়সমূহত৷ চৰকাৰী বিদ্যালয়সমূহত মাচুল সম্পূৰ্ণ বিনামুলীয়া হ’ব বুলি চৰকাৰে কৰা ঘোষণা মিথ্যাচাৰত পৰিণত হ'ল জুৰীয়াৰ বিদ্যালয়সমূহত৷
জানিব পৰা মতে, যাৰ যি ইচ্ছা সেই মতেই লোৱা হৈছে ছাত্ৰ-ছাত্ৰীৰপৰা মাচুল৷ অতিকৈ আচৰিত কথাটো হ'ল বিদ্যালয় কৰ্তৃপক্ষই কয় এটা আৰু ছাত্ৰ-ছাত্ৰীয়ে কয় এটা৷ প্ৰকৃততে কোন সঁচা কোন মিছা?
এজন অধ্যক্ষ হৈ যদি মিছা মাতে তাতকৈ আৰু লাজৰ কথা কি হ'ব পাৰে? সেয়াই হৈছে জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰসন্ন কলিতাৰ ক্ষেত্ৰত৷ এই বিদ্যালয়ত প্ৰথম বাৰ্ষিকৰ ফৰ্ম ফিল-আপৰ বাবে ঘোষণা কৰা হয় ৯০০ টকাকৈ৷
পাছত ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ প্ৰতিবাদ কৰাত ২০০ টকা হ্ৰাস কৰি ৭০০ টকা কৰা হয়৷ ইয়াৰ বিপৰীতে নৱম-দশম মানৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ মাচুল বাবে লোৱা হয় ৪৬০ টকা ৷
অতি পৰিতাপৰ কথা যে ছাত্ৰ-ছাত্ৰীয়ে নিজ মুখে প্ৰকাশ কৰিছে নৱম আৰু দশম মানৰ পৰীক্ষাৰ মাচুল ৪৬০ টকা বুলি, কিন্তু অধ্যক্ষই কিন্তু ৪০০ টকা লোৱাৰ কথাহে প্ৰকাশ কৰে৷
ইফালে, ছাত্ৰ-ছাত্ৰীৰপৰা এনেদৰে মাচুল লোৱাৰ বিষয়ে অধ্যক্ষক সুধাত তেওঁ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰীৰপৰা ৫০০ টকাকৈহে লোৱাৰ কথা স্বীকাৰ কৰি পাছত পৰীক্ষা কেন্দ্ৰৰ নামত আলোচনা কৰি আৰু ২০০ টকা বঢ়াই ৭০০ টকা কৰা হয় আৰু নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰপৰা ৪০০ টকাকৈহে লৈছে বুলি লগতে মন্তব্য কৰে৷
কাজেই, এখন উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ হৈ এনেদৰে মিথ্যাচাৰৰ আশ্ৰয় লোৱাটোয়ে সকলোকে স্তম্ভিত কৰি তুলিছে৷ ঠিক সেইদৰে বগৰীগুৰি মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সেই অনুপাতে প্ৰথম বাৰ্ষিকৰ বাবে ৩০০ টকা আৰু নৱম-দশম শ্ৰেণীৰ পৰীক্ষাৰ মাচুল মাত্ৰ ৮০ টকাকৈ লোৱা হয় ৷
পিছে একেই বিদ্যালয় একেই কথা তাৰ মাজত ইমান প্ৰভেদ! সেয়ে বিদ্যালয় ভেদে মাচুলৰ পৰিমাণ বেলেগ বেলেগ কিয় হয় এই লৈ প্ৰশ্ন উঠিছে অভিভাৱকৰ মাজত৷