♦ শিক্ষকৰ বিৰুদ্ধে অভিযোগ দাখিল নাবালিকা ছাত্ৰীৰ
♦ বিদ্যালয় কৰ্তৃপক্ষৰ ৰহস্যজনক ভূমিকাক লৈ তীব্ৰ চাঞ্চল্য

নগাঁওঃ শিক্ষক আৰু শিক্ষাৰ্থীৰ সম্পৰ্কক পৃথিৱীৰ আটাইতকৈ পৱিত্ৰ সম্পৰ্ক বুলি ক'লেও ভুল কোৱা নহ'ব। কিন্তু এই পৱিত্ৰ সম্পৰ্কত বাৰম্বাৰ কালিমা লগাই একাংশ শিক্ষকৰূপী দানৱে।
শেহতীয়াকৈ এনে এক ঘটনাই সংঘটিত হৈছে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ কদমনিত। এইবাৰ গুৰু শিষ্যৰ সম্পৰ্কত কালিমা লগালে এজন শিক্ষকে। নাম তেওঁৰ জাকিৰ হুছেইন। পেচাত তেওঁ এজন শিক্ষক।
বটদ্ৰৱাৰ কদমনি ছিনিয়ৰ মাদ্ৰাছাৰ এইজন জাকিৰ হুছেইন নামৰ শিক্ষকে বিদ্যালয়ৰে এগৰাকী নৱমমানৰ নাবালিকা ছাত্ৰীৰ ওপৰত পৰা দিয়া কুদৃষ্টিয়ে সমগ্ৰ শিক্ষক সমাজকে লজ্জানত কৰিছে।
অকল এয়াই নহয়, যি ঘটনাই ইতিমধ্যে সমগ্ৰ বটদ্ৰৱাবাসীৰ লগতে ছিনিয়ৰ মাদ্ৰাছাখনৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অভিযোগ অনুসৰি, কদমনি ছিনিয়ৰ মাদ্ৰাছাৰ নাবালিকা এগৰাকী ছাত্ৰীক প্ৰায়েই জাকিৰে বিভিন্ন ধৰণৰ অসৎ ইংগিত দিয়াৰ লগতে বিয়াৰো প্ৰস্তাৱ দি হাৰাশাস্তি চলাই আহিছিল। ছাত্ৰীগৰাকীৰ মাতৃকো 'আণ্টি' বুলি সম্বোধন কৰি প্ৰায়েই ছাত্ৰীগৰাকীৰ ঘৰলৈ গৈ মনে মনে দি আহিছিল অসৎ ইংগিত।
বাৰে বাৰে দি আহিছিল প্ৰেমৰ প্ৰস্তাৱ। এই সমগ্ৰ ঘটনা সন্দৰ্ভত অজ্ঞাত আছিল ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃ। কিন্তু ছাত্ৰী গৰাকীয়ে সমগ্ৰ ঘটনা কাকো প্ৰকাশ নকৰাত শিক্ষকজনে ছাত্ৰীগৰাকীক অশালীন প্ৰস্তাৱ বেছিকৈ দিব ধৰাত তেওঁ সমগ্ৰ ঘটনা বিৱৰি বিদ্যালয়খনৰ অধ্যক্ষক লিখিতভাৱে জনোৱাত পোহৰলৈ আহে শিক্ষকজনৰ আচল চৰিত্ৰ।
কিন্তু লম্পট শিক্ষকৰ বিৰুদ্ধে বিদ্যালয় কৰ্তৃপক্ষই বৰ্তমানলৈ কোনো ব্যৱস্থা নোলোৱাৰ বিপৰীতে ৰক্ষৰক্ষণাবেক্ষণ দিয়াহে আন এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। নিজ নিজ সন্তানক লৈ চিন্তিত হৈ পৰিছে অভিভাৱকসকল। সম্প্ৰতি শিক্ষক জাকিৰ হুছেইনৰ এনে কাণ্ডই সমগ্ৰ নগাঁও জিলাতে লজ্জানত কৰিছে ৷